খাদ্য প্রযুক্তি (Food Technology)
ড° বুলজিৎ বুঢ়াগোহাঁই
খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রমত বৈজ্ঞানিক পদ্ধতিৰে খাদ্যবস্তু প্রস্তুত, সংৰক্ষণ , গুণগত মন অটুট ৰখা আদি বিষয়ে জ্ঞান প্রদান কৰে। খাদ্য সামগ্ৰীসমূহক ব্যৱহাৰযোগ্য আৰু বজাৰৰ বাবে সাজু কৰিবলৈ যিবোৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়, সেইবোৰৰ সৈতে খাদ্য প্রযুক্তি জড়িত। খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রম পঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পিছত ‘খাদ্য প্রযুক্তি’ৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ‘খাদ্য প্রযুক্তি’ত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতকোত্তৰ , পি.এইচ.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
এজন সফল খাদ্য প্রযুক্তিবিদ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে -অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী,পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সচেতন , নিষ্ঠাবান, সাৱধানী , কষ্টসহিষ্ণুতা , সুন্দৰ নিৰীক্ষণ ক্ষমতা , দায়িত্ববোধ আদি।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ ‘তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in)’ ত খাদ্য প্রযুক্তি (Food Technology) বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা সুবিধা আছে । যেনে- B. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ৫৬) , M. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ২৩) আৰু Ph.D. in Food Engineering and Technology । লগতে B. Voc. in Food Processing পাঠ্যক্রম আছে। এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেবচাইট (http://www.tezu.ernet.in/dfpt/) চাব পাৰে।
অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – অন্ধ বিশ্ববিদ্যালয় (https://www.andhrauniversity.edu.in),আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in), এলাহাবাদ কৃষি প্রতিষ্ঠান (http://www.shiats.edu.in),কেন্দ্রীয় খাদ্য প্রযুক্তি গৱেষণা প্রতিষ্ঠান ,মহীশূৰ (https://www.cftri.res.in),কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in),গুৰু নানক দেৱ বিশ্ববিদ্যালয় (http://online.gndu.ac.in),যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (http://www.bamu.ac.in),তামিল নাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in) , দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in),মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in),মহাত্মা গান্ধী বিশ্ববিদ্যালয় (https://sfst.mgu.ac.in) ,মহীশূৰ বিশ্ববিদ্যালয় (www.uni-mysore.ac.in) ,হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয় (http://www.hillagric.ac.in) , ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি উদ্যোগীকৰণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান (http://niftem.ac.in) আদি। এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।
খাদ্য প্রযুক্তি পাঠ্যক্রমৰ বিভিন্ন ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ড নিযুক্তি লাভ কৰিব পাৰে । যেনে - ৰাজ্যিক আৰু কেন্দ্ৰীয় খাদ্য পৰীক্ষাগাৰ,ভাৰতীয় খাদ্য নিগম (FCI),ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ (FSSAI),ভাৰতীয় মানদণ্ড ব্যুৰো (BIS),কৃষি মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়,আপেডা (APEDA), এমপেডা(MPEDA), নাবাৰ্ড(NABARD) , নাফেদ(NAFED) , মাফেদ (MAFED), বাৰ্ক( BARC) আদি।
নিযুক্তি লাভ কৰিব পৰা নিযুক্তি খাদ্য উদ্যোগ হ’ল –আই টি চি লিমিটেড (https://www.itcportal.com),আমুল (https://amul.com),এগ্ৰ' টেক ফুডছ (https://www.atfoods.com),এমটিআৰ ফুডছ লিমিটেড (https://www.mtrfoods.com),মিল্কফুড লিমিটেড (http://www.milkfoodltd.com),ডাবৰ ইণ্ডিয়া লিমিটেড(https://www.dabur.com),নেচলে ইণ্ডিয়া (https://www.nestle.in), পাৰ্লে প্ৰডাক্টছ প্ৰাইভেট লিমিটেড (https://www.parleproducts.com),ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজ লিমিটেড (http://britannia.co.in),হিন্দুস্তান লিভাৰ লিমিটেড (https://www.hul.co.in) আদি।
নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – অধ্যাপক, বিজ্ঞানী, ফুড টেকন’লজীষ্ট , ফুড ৰিচাৰ্চ এনালিষ্ট , ফুড ইনস্পেক্টৰ , মেনেজাৰ ৰিচাৰ্ছৰ, প্রডাক্ট ডেভেলপেণ্ট, কোৱালিটি এছিউৰ মেনেজাৰ, লেবৰেটৰী ছুপাৰভাইজাৰ, ফুড প্ৰচেচিং অপাৰেটৰ , ফুড পেকেজিং মেনেজাৰ , ফুড প্রচেছিং টেকনিছিয়ান আদি। কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন (৯৪৩৫১৮৮৬৩০)কৰিব পাৰে ।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
Doksiri দকচিৰি, মে, ২০২৩


No comments:
Post a Comment