শান্তিৰ হাঁহি
ৰাজু বনিয়া
আমতলা, লখিমপুৰ
“হেৰৌ!সৌ সিদিনালৈকে এইখন চোতালতে একেলগে খেলি ডাঙৰ হোৱা তোৰ লগৰ ৰমেনে চাকৰি কৰি এতিয়া বিলাসী জীৱন কটাইছে আৰু তই পেটত গামোচা মাৰি লোকৰ ঘৰত হাজিৰা কৰিছ হো৷”
“পিতাই অ পেটত গামোচা মাৰি কপালৰ ঘাম মাটিত পেলাই হাজিৰা কৰি খাব পাৰোঁ৷তথাপি সেই বিলাসী জীৱন কটোৱা ৰমেনৰ মাক-বাপেকৰ দৰে তঁহতক ৰখা নাই৷”
আজি দুবছৰৰ আগতে বৃদ্ধাশ্ৰমৰ আলহী হোৱা ৰমেনৰ পিতৃ-মাতৃ কথা উপলব্ধি কৰি হেমচন্দ্ৰয়ে পুত্ৰ মুখলৈ চাই এটা শান্তিৰ হাঁহি মাৰি সাৱটি ধৰিলে৷
ফোনঃ ৮০৯৯৪৩১২৭৬
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment