দোমোজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

দোমোজা

 


দোমোজা

ইনু দত্ত


     বিহুলৈ আৰু কেইদিনমান আছে৷ শইকীয়ানীৰ গাত তৎ নাই৷ কাৰণ এইবাৰ বিহুত তেওঁৰ বিদেশত থকা পুতেক বোৱাৰী আৰু নাতি আহিব৷ তেওঁৰ পুতেকে কেইদিনমানৰ আগতে ফোন কৰি জনাইছে৷ তেওঁৰ লগত থকা কাম কৰা মানুহজনীক ইটো আন সিটো আন কৰি ৰক্ষা দিয়া নাই ৷ দেউতাক ঢুকাওতেই সিহঁত আহিছিল পাছবছৰ মান আগতে ৷ মানুহ এজনী তেওঁৰ লগত ৰাখি সিহঁত পুনৰ বিদেশলৈ ঘূৰি গৈছিল৷ ইমান দিনে তেওঁ মানুহজনীৰ লগতে আছে৷ আজি ইমান দিনৰ মূৰত পুতেক বোৱাৰীয়েক আহিব বুলি জানিব পাৰি শইকীয়ানীৰ মনত আনন্দই নধৰা হৈছে৷ মানুহজনলৈ মনত পৰি দুটোপাল চকুলো ক’ব নোৱাৰাকৈ দুগালেদি বৈ আহিল৷ কিনো কৰিব যোৱাবোৰতো গ’লেই৷ সকলো ভগৱানৰ লীলা৷ অন্তত পুতেক বোৱাৰীয়েকতো আহিব নাতিৰ সৈতে ৷ কেইবাৰ যে তেওঁ গেটৰ মূখলৈ আহি ৰাস্তাটোলৈ চাই আছেহি ৷ গাড়ীৰ মাত শুনিলে তেওঁ ভিতৰৰ পৰা দৌৰমাৰি আহে ৷তেওঁ মনতে ভাৱে কাৰোবালৈ বাটচাই থকাটো বৰ যন্ত্ৰণা দায়ক ৷ হঠাত তেওঁৰ মনলৈ আহিল পাঁচ বছৰে মাকৰ ওচৰলৈ আহিবলৈ সময় মিলাব নোৱাৰা ল’ৰাটো সঁচাকৈ আহিবনে!

Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages