বকুলৰ সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

বকুলৰ সুবাস


 

বকুলৰ সুবাস

প্ৰগতি মেধি

ভৱানীপুৰ, বৰপেটা

   বাৰাণ্ডাৰ হেলনীয়া চকীখনত বহি চকুকেইটা মুদি অকণমান আৰাম কৰিবলৈ লওতে ফিৰফিৰিয়া বতাহত বকুল ফুলৰ সুবাসটো আহি নাকত লাগিল। পদূলিৰ বকুলজোপা, চকুৰ আগত ভাঁহি উঠিল এজাক চেমনীয়া আৰু শিশু, বকুল ফুল বুটলি থকা চকু মেলি চালো, কোনো নাই ,বকুলৰ তলখন সাৰি চিকুনাই থোৱা আছে, দুই -চাৰিটা ফুল পৰি আছে তলত ।

     সেই তাহানিতে বি.এ. পাছ কৰিও গাঁওখনৰ মোহ এৰিব নোৱাৰিলোঁ। গাওঁৰ স্কুলখনতে শিক্ষকতা কৰি থাকিলোঁ। ল'ৰা দুটাক শিক্ষক চাকৰি কৰিও পঢ়া - শুনা ভালদৰেই কৰোৱালো । ডাঙৰটো আমেৰিকা পালেগৈ। সৰু ল'ৰাটো পুনেত থাকে। ভাল চাকৰি কৰে। পৰিয়াল সিহঁতৰ লগতে থাকে। ছোৱালীজনীয়ে অৱশ্যে মোৰ বৃত্তিটোকে ললে। গাওঁৰে স্কুলখনত মাষ্টৰণী হৈ থাকিল । 

    পেন্সনৰ টকাৰে নতুনকৈ বনোৱা ঘৰটোত মই অকলে থাকো। গাঁওৰে এজন ল'ৰা, মোৰ পুৰণি ছাত্ৰ ,কৃষিপাম আছে তাৰ,ৰাতিপুৱাই আহি মোৰ যাৱতীয় কামবোৰ কৰে, চোতাল-ঘৰ সাৰি, মচি যায়হি। মই তাক কওঁ, "কিয় মোৰ বাবে ইমান কষ্ট কৰ?" সি কয়," এই ঘৰখন মোৰ বাবে মন্দিৰ আৰু আপুনি ভগৱান, কাৰণ, আপুনি মোৰ গুৰু। গতিকে এইখিনি মোৰ কৰ্তব্য "।

    এনেদৰে পুৰণি কথাবোৰ পাগুলি, টোপনিয়াই টোপনিয়াই বহি থাকোতে দেখিলোঁ পদূলি মূৰত মোৰ ছোৱালীজনী,লগত তাইৰ সাত বছৰীয়া ল'ৰাটো। এবছৰ হ'ল তাইৰ স্বামী ঢুকুৱাৰ , এৰাতিৰ জ্বৰতে হঠাতে ঢুকাই থাকিল। তেতিয়াৰে পৰা তাইৰ সংগ্ৰাম।

    পদূলিয়েদি তাই উধাতু খাই সোমাই আহিল, " দেউতা মই আৰু সেইখন ঘৰত থাকিব নোৱাৰোঁ, যোৱা এবছৰ কেনেদৰে কটালোঁ মই তোমাক কেতিয়াও কোৱা নাই, তোমাৰ চিন্তা হয় বুলি । মোক গালি - গালাজ পাৰা কথাটো নকওয়েই, দৰমহা কেইটা পোৱাৰ লগে - লগে শাহু আৰু দেওঁৰে 

কাঢ়ি লৈ যায় আৰু কয় -" তই যদি মুখ খোল নাইবা ইয়াৰ পৰা ওলাই যোৱাৰ কথা ভাৱ, তোক চৰিত্ৰ বেয়া বুলি প্ৰচাৰ কৰি দিম। মানুহৰ আগত মুখ দেখুৱাব নোৱাৰা হবি আৰু চাকৰিও যাব ।" 

   আজি যেতিয়া সিহঁতে মোৰ ল'ৰাটোৰ

গাত হাত দিলে মই আৰু থাকিব নোৱাৰিলোঁ। মোৰ কাৰণে এই ঘৰটোত ঠাই হ'বনে ?"

    মোৰ দুচকুয়েদি পানী বৈ আহিল, কলো," এইখন তোৰেই ঘৰ মাজনী, আজিৰ পৰা তই ইয়াতে থাকিবি, এই ঘৰটো আৰু মাটিখিনি মই তোৰ নামত লিখি দিম।" তাই মোৰ ওচৰত আঁঠু কাঢ়ি বহি কোলাত মূৰটো থলে। মই তাইৰ মূৰত হাত ফুৰাই দি পদূলিৰ ফালে চাই পঠিয়ালোঁ , দেখিলোঁ সাত বছৰীয়া নাতি ল'ৰাটোৱে বকুল ফুল বুটলি আছে। মোৰ চকুয়েদি পুনৰ চকুপানী ওলাই আহিল, কিন্ত এই চকুপানী আনন্দৰ চকুপানী ,আৱেগৰ চকুপানী -

  মোৰ হেৰোৱা দিনবোৰ যেন পুনৰ উভতি আহিল এনে লাগিল মোৰ !!

  ফোনঃ 9101743463

Doksiri দকচিৰি, জুন, ২০২৩



                 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages