ধিন দাও….
অংকুৰিতা ফুকন
নাবাজে হাতেৰে ঢোল বাও কেনে কৰি
গজে বাংশ হিৰনাক্ষ য'তে আছে তপ কৰি
সেহি বাংশ কাটি আনি সাজিলেক মাৰি
তেবেহে বাজিল ঢোল ধিন দাও কৰি…
টুকুৰিয়াই চালেই ধিন দাও বোলে
বোৰোকা ছালৰ ঢোলবোৰে
লগ এৰি টেমেকায়ো বৰ বিহু পাতে
খ্যাতিমন্ত হোৱাৰ এয়ে উত্তম সুযোগ বুলি
মাৰিয়ে বোলে ঘোৰ কলিযুগ ভাই
চেও দিলেই চেৰেও ফেৰেও
ব্ৰহ্মা শিৱ হৰিৰো ত্ৰিলোকত
স্থান যায় যায়
নাকটি ছিঙা চেনেহৰ চুমা
তোষামোদৰ বৰ পেৰা
নাকটি ছিঙা ঢুলীয়া
উঠি ৰজা বহি ৰজা
নিপুন ঢুলীয়াৰ হাতৰ চেও
জীৱন জীয়াৰ সাৰথি
তুলি থাকিব পাৰে মানে
জীয়াই থকাৰ প্ৰদৰ্শনী
যি ঢোলত ঢুলীয়াই জীৱনৰ চেও তোলে
সেই চেওতে পাতকী
টেমেকায়ো হেলাৰঙে সেও মানে…
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment