ভেঁকুৰ আৰু কাঠফুলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

ভেঁকুৰ আৰু কাঠফুলা

 


ভেঁকুৰ আৰু কাঠফুলা

                                           ধন দাস


বিষয় ভেঁকুৰ


ভেঁকুৰ লগা আঙুলিয়ে লিখিব নোৱাৰে ইতিহাস 

ভেঁকুৰ লগা স্তনৰ প্ৰেমত নপৰে যৌৱন 

আমাৰ চিন্তাত ভেঁকুৰ লাগি সমাজক কৰিব পাৰে বদ্‌নাম 

ভেঁকুৰা মজিয়াত একেলগে বহি খাব নোৱাৰি এমুঠি সুখৰ ভাত 

ভিতৰৰ মানুজনক মাৰি জী থাকিলেও ঘৰখনত ভেঁকুৰ লাগি গোন্ধাব পাৰে ভেকেটা-ভেকেট্‌

এটা সম্পৰ্কত ভেঁকুৰ লাগিব পাৰে 

মানে ভেঁকুৰ এবিধ ব্যাধি 

আৰু যেতিয়া শব্দত লাগিব ভাবক অকণমান 


বিষয় কবিতা


কবিতাৰে কোনও যুদ্ধ জয় কৰিব পৰা নাই

কবিতাৰে কোনেও সমাজ শুধৰাব পৰা নাই

কবিতাৰে কোনেও গোটাব পৰা নাই ভোকৰ ভাত

কবিতাৰে ধৰ্ষণ ৰোধ কৰিব পৰা নাই 

কবিতাৰে গঢ়িব পৰা নাই আজিও এখন সুস্থিৰ চৰকাৰ

এনে বহুত নাইৰে গাঠি যাব পাৰি কবিতাৰ শৰীৰ 

তেন্তে মাছ নাইকিয়া পানী ঘোলা কৰিছো কিয়

কিয় কাঠফুলাৰ দৰে গজিছোঁ য'তে ত'তে ? 


শেষত


কিবা এটা লিখি আছোঁ মানে ভাষাটো চৰ্চা কৰি আছোঁ 

 নিজৰ ভাষাটো লিখি আছোঁ মানে আইৰ সৈতে যেন ওমলি আছোঁ !  

এই মনটোক মাৰি পেলোৱাৰ কথা কোনেও নাভাবিব ।


যিহেতু ওপৰৰ কবিতাটো বেয়া কবিতাৰ সপক্ষে

ইয়াত উত্তৰ দিব লগা একো নাই ।


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages