য়েহুদা আমিখাই, মই যদি তোমাক পাহৰি যাওঁ
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
য়েহুদা আমিখাই, মই যদি তোমাক পাহৰি যাওঁ
তুমি মোক জেৰুজালেমৰ কথা ক'বা
যুদ্ধ বিধস্ত জেৰুজালেমত
তোমাৰ হাতত গুজি দিম
শান্তিৰ শুকুলা ফুল এপাহ
য়েহুদা আমিখাই, মই যদি তোমাক পাহৰি যাওঁ
তুমি মোক মনত পেলাই দিবা
দ্বিতীয় বিশ্বযুদ্ধৰ কথা
তোমাৰ কঁপি থকা দুহাতত ধৰি
আমি একেলগে আঁওৰাম
ৰ'দৰ সোণালী গান
য়েহুদা আমিখাই, মই যদি তোমাক পাহৰি যাওঁ
তুমি মোক বৰষুণৰ কথা ক'বা
সভ্যতাৰ সেউজীয়া বৰষুণত
আপাদমস্তক তিতি
আমি আকুল সুৰত
চিঞৰিম
"হে ঈশ্বৰ, হে ঈশ্বৰ,
কণকণহঁতৰ বাবে
মানৱতাৰ বাবে
আমাক জীয়াই ৰাখিব কবিতাই ......!!!!"
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment