অসমত মেকানিকেল ইঞ্জিনিয়াৰিৰ স্নাতক পাঠ্যক্রম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 1, 2023

অসমত মেকানিকেল ইঞ্জিনিয়াৰিৰ স্নাতক পাঠ্যক্রম



অসমত মেকানিকেল ইঞ্জিনিয়াৰিৰ স্নাতক পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই

    

   ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত মেকানিকেল ইঞ্জিনিয়াৰিৰ স্নাতক পাঠ্যক্রম বি.টেক.(B.Tech) বা বি.ই.(B.E.)ত নাম ভৰ্তি কৰিব পাৰে । এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয় । মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমত থকা বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ হ'ল - অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College, Guwahati, http://www.aec.ac.in)ত আসনৰ সংখ্যা ৬০ খন; যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College, Jorhat , http://jecassam.ac.in)ত আসনৰ সংখ্যা ৯০ খন; যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Jorhat Institute of Science & Technology, Jorhat , http://jist.ac.in)ত আসনৰ সংখ্যা ৬০ খন; গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Golaghat Engineering College,Golaghat , https://gecassam.ac.in) ত আসনৰ সংখ্যা ৬০ খন; ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় (Dhemaji Engineering College, https://dec.ac.in) ত আসনৰ সংখ্যা ৬০ খন। 

    এই মহাবিদ্যালয় কেইখনত নামভৰ্তি CEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় । ইয়াৰ উপৰিও প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ আৰু ৰাজ্যিক বিশ্ববিদ্যালয় কেইখনেও CEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নামভৰ্তি কৰে । এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - http://astu.ac.in । 

      অসমত অৱস্থিত কেন্দ্রীয় চৰকাৰ অধীনৰ শিক্ষানুষ্ঠানবোৰৰ হ’ল- ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology, Silchar , http://www.nits.ac.in) ত নামভৰ্তি JEE (Main) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় ; ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী ( Indian Institute of Technology Guwahati, www.iitg.ac.in) ত JEE (Advanced) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় ; তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University , http://www.tezu.ernet.in) ত নামভৰ্তি সবিশেষ ৱেবছাইটৰ পৰা জানিব পাৰিব ।

ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষানুষ্ঠান হ’ল- ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী (Dibrugarh University Institute of Science & Technology, Dibrugarh , https://www.dibru.ac.in) ।

    প্ৰাইভেট বিশ্ববিদ্যালয়ৰ হ’ল- অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজী (Assam Don Bosco University School of Technology, http://www.dbuniversity.ac.in) , অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in ) , ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (https://rgu.ac), কাজিৰঙা ইউনিভাৰ্চিটি (Kaziranga University, http://kazirangauniversity.in) আদি । সবিশেষ জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব লাগিব ।

  যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । বি.টেক. বা বি.ই. পাঠ্যক্রমত নামভৰ্তি কৰা আগতে শিক্ষানুষ্ঠানখন নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org) স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আছে নাই জানি ল'ব লাগে । শিক্ষানুষ্ঠানসমূহ এই পৰিষদৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । 

    মেকানিকেল ইঞ্জিনিয়াৰিৰ বি.টেক. বা বি.ই. পাঠ্যক্রম ছাত্র-ছাত্রীসকলে বাবে দুটা পৰীক্ষাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে । 

অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination) : কেন্দ্রীয় লোকসেৱা আয়োগে (http://upsc.gov.in) কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ পৰিচালনা কৰে । ইয়াৰ ভিতৰত এটা হ'ল -অভিযান্ত্রিক সেৱা পৰীক্ষা(Engineering Services Examination) । প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু Personality Test জৰিয়তে কৰে । লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয় । এটাক Engineering Services (Preliminary / Stage-I) আৰু আনটোক Engineering Services (Mains / Stage-II) বুলি কোৱা হয় । পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। এই পৰীক্ষাৰ বাবে শিক্ষাগত অৰ্হতা হ'ল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্রিক বিষয়ৰ স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত Wireless Communications, Electronics, Radio Physics or Radio Engineering ক বিশেষ বিষয়ৰ হিচাবে লৈ উত্তীৰ্ণ হোৱা সকলেও কিছুমান নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিব পাৰে। অভিযান্ত্রিকৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। এই পৰীক্ষাৰ বাবে অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- www.upsconline.nic.in ।  

গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering, GATE) : চৰকাৰী বা বেচৰকাৰী খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজ এখনত বি.ই./বি.টেক. পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰা ছাত্র-ছাত্রীৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ল- গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering) চমুকৈ ‘গেট’(GATE) । ছাত্র-ছাত্রীসকলে ‘গেট’ পৰীক্ষাত উত্তীৰ্ণ হ’লেহে সাধাৰণতে ভাল শিক্ষানুষ্ঠানত এম.ই./এম.টেক বা পি.এইচ.ডি. পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰিব । তাৰোপৰি , আজিকালি আমাৰ দেশৰ বহু কেইটা প্রতিষ্ঠানে নিযুক্তিৰ বাবে কেম্পাচ ইণ্টাৰভিউ ল’বলৈ নাহে । তেওঁলোকে নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰলৈ ‘গেট’ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলকহে আমন্ত্রণ জনায় । গেট পৰীক্ষা যোগেদি নিযুক্তি দিয়া পি এচ ইউ (Public Sector Undertakings) কিছুমান হ’ল- BSNL ,WBSEDCL,Power Grid,RITES,CEL,IOCL,NLC Ltd., BPCL,MDL ,BHEL,NTPC Limited,GAIL,HPCL,HAL,BEML ,BBNL,NPCIL, OIL India, Tata Power, Cabinet Secretariat(Govt. of India),Haryana Power Utilities,NHAI, PSPCL ,Midhani, ONGC,DRDO, BAARC, NFL,MECL, DMRC, IRCON, BSPCL, IPR, PSTCL, NBCC Ltd., NHPC, THDC India Ltd., OPGC Ltd.,GSECL, KRIBHCO, Mumbai Railway Vikas Corporation Ltd (MRVC Ltd.), National Textile Corporation, Rail Vikas Nigam Ltd.,Coal India Ltd.,BNPM,AAI,EdCIL India, NALCO ইত্যাদি ।


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages