শিক্ষা আৰু ব্যৱসায় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

শিক্ষা আৰু ব্যৱসায়

 

শিক্ষা আৰু ব্যৱসায়

জাতিৰাম কামান


     টাইতকৈ কি ব্যৱসায় বেছি ভাল বুলি সোধা প্ৰশ্নৰ উত্তৰত অনা অসমীয়া কৰ্মচাৰী বন্ধু এগৰাকীয়ে এবাৰ আমাক কৈছিল এইবুলি -

School business is the best business.অৰ্থাৎ,প্ৰাইভেট স্কুল খোলাটোৱেই আটাইতকৈ ভাল ব্যৱসায়। তেওঁ ইয়াকো কৈছিল যে There is no risk in school business and besides income, you equally gain honour and respect from the society.হিন্দী ভাষী সহকৰ্মী জনে ইয়াকো কৈছিল - 'প্ৰাইভেট স্কুল খোলকে তুম আৰামচে জিন্দাগী গুজাৰ সকতে হো with reasonable income.

   তেওঁ কথাষাৰ নিশ্চয় নিজে দেখা বা নিজে পোৱা অভিজ্ঞতাৰ পৰাই কৈছিল!গল কথা গুছিল।সেই কথা বতৰা হোৱা বহু বছৰেই পাৰ হল।কিন্তু সেই কথাটো আজি মৰ্মে মৰ্মে আমি উপলব্ধি কৰিছোঁ!ইয়াৰ অন্তৰালত কাৰণ নথকাও নহয়।আমি কেইদিন মানৰ আগতে জনা বুজা মানুহ কিছুমানে লগ ভাগ হৈ quality education তথা profitability ৰ কথা লৈ লক্ষ্য ৰাখি প্ৰাইভেট স্কুল এখন খোলাৰ কথা আলোচনা কৰিছিলো।সিমানখিনি চৰকাৰী স্কুলৰ লগতে প্ৰাইভেট স্কুল থক‍াৰ পাছত এই ভাটি বয়সত কিনো স্কুল খুলিম,স্কুল খোলাও কমখন ঝামেলানে বুলি কৈ আমাৰ আলোচনাৰ যতি পৰিল।

আজিকালি নগৰ মহানগৰটো বাদেই মফচলীয়া চহৰ আৰু গ্ৰামাঞ্চলতো প্ৰাইভেট স্কুল পাইকাৰী হাৰত বাঢ়িবলৈ লৈছে বুজন সংখ্যক চৰকাৰী স্কুল থকাৰ পাছতো।প্ৰাইভেট স্কুলৰ ভিৰ দেখি আমাৰ গাৰ নোম সিঁয়ৰি যায়!স্কুলবোৰৰ ফিজ,জাক জমকতা দেখি চকু কপালত উঠি যায়!কৰ পৰা অভিভাৱক সকলে সিমান টকা পইচা পাইছে যে দামী প্ৰাইভেট স্কুল সমূহত এডমিছন দি ফিজ ভৰিবলৈ?সিমান লৰা ছোৱালী কৰ পৰা আহে সেই স্কুল সমূহত পঢ়িবলৈ?

  আমি থকা ঠাইখন এখন সৰু ব্যৱসায়িক জেগা।এই দুটা

দশকত দোকান পোহাৰ বাঢ়িছে,

অকন মান চহৰমুখী হৈছে।ঠাইখন হৈছে গোগামুখ চাৰিআলি।ঠিক চাৰিআলি বুলিব নোৱাৰি পাঁচআলিহে।লখিমপুৰ আৰু ধেমাজি চহৰৰ সংযোগস্থল, যাতায়তৰ বাবে সুচল জেগা।মূল শিক্ষাকেন্দ্ৰ বুলিবলৈ গোগামুখ কলেজখন,গোগামুখ হায়াৰ চেকেণ্ডাৰী,গালৰ্চ কলেজ আৰু হাইস্কুল,নগৰ হাইস্কুল আৰু কেবাখনো ভেন্সাৰ কলেজ।গোগামুখৰ আশে পাশে আৰু দেধাৰ চৰকাৰী স্কুলৰ লগতে প্ৰাইভেট স্কুল কলেজ আছে।

   অসংখ্য চৰকাৰী স্কুলৰ ওপৰিও গোগামুখত খ্ৰাইষ্ট কিং(মিছন স্কুল)কে আদি কৰি খ্ৰাইষ্ট জ্যোতি,

ৰিজল্যুশ্যনএকাডেমী,জ্ঞানজ্যোতি,

সুবিদ্যা,জাতীয় বিদ্যালয় তথা শংকৰদেৱ শিশু নিকেতন আদি প্ৰাইভেট স্কুলেৰে ভৰি আছে।আৰু সেই স্কুলসমূহ একো একোখন ভাল শিক্ষানুষ্ঠান বুলি ক'লে হয়তু অত্যুক্তি কৰা নহব!

   আজি কালি চৰকাৰী স্কুল সমূহত অভিভাৱক সকলে লৰা ছোৱালীক নাম লগাবলৈকে কুন্ঠাবোধ কৰা হল!হাজিৰা কৰি হলেও মাক বাপেকে প্ৰাইভেট স্কুল সমূহত অধিক ফিজ ভৰি সন্তানক পঢ়ুৱাৰ প্ৰৱণতাটো কমক চাৰি দিনক দিনে বাঢ়িবহে লাগিছে।

চৰকাৰে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক পঢ়াৰ সুবিধাকন দিয়াৰ পাছতো,বহু চৰকাৰী টেট শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ পাছতো,

এইহেন মহঙা দিনত,বস্তু বাহানিৰ জুই ছাই দাম হোৱা দিনত_দিন হাজিৰা কৰি,ৰিক্সা চলাই মেলি,শাক পাছলি,গৰু ছাগলী বিক্ৰি কৰি হলেও,গাঁঠিৰ ধন ভাঙি কিয় বেছি বেছি টকা ভৰি প্ৰাইভেট স্কুলত সন্তানক পঢ়াৰ ইচ্ছা কৰে?ইয়াৰ এটাই উত্তৰ_চৰকাৰী স্কুলত সন্তানক পঢ়ুৱাই পিতৃ মাতৃয়ে সন্তানৰ মূৰ খাব নিবিচাৰে।কাৰণ,চৰকাৰী স্কুলত মাস্তৰসকলে

ছাত্ৰ ছাত্ৰীক ভালকৈ নপঢ়ায় হেনো!এয়া বহু গাৰ্জেনৰ ভাষ্য।

  হলেও কিন্তু চৰকাৰী স্কুলত লৰা ছোৱালীতো কমা নাই?এতিয়াও আছে;কিন্তু যিমান পৰিমাণে থাকিব লাগে সিমান পৰিমাণে হয়তু নাই!আমাৰ কথাটো হল চৰকাৰী স্কুল সমূহত কিয় quality education এতিয়াও গঢ়ি উঠা নাই?প্ৰাইভেট স্কুলবোৰে গভৰ্ণমেন্ট স্কুলবোৰক কিয় supersede কৰিব পাৰিছে?তুলনামূলক ভাৱে বেচৰকাৰী স্কুলৰ শিক্ষকতকৈ বহু পৰিমানে বেছি দৰ্মহা পায় চৰকাৰী স্কুলৰ শিক্ষকে।কিন্তু শিক্ষাৰ মানদণ্ড চৰকাৰীতকৈ বেচৰকাৰী স্কুলৰ বেছি উন্নত বুলি অভিভাৱকে ভাৱিবলৈ বাধ্য হৈছে আৰু প্ৰাইভেট স্কুলমুখী হৈছে অভিভাৱক ছাত্ৰ ছাত্ৰীসকল।কিন্তু এই গতিবিধি(trend)টো ৰাজ্যৰ বাবে,

চৰকাৰৰ বাবে,জনসাধাৰণৰ বাবে শুভ লক্ষণ নহয়।এনে গতিৰে গৈ থাকিলে এটা সময় আহিব যত নেকি চৰকাৰী স্কুলেই নাথাকিবগৈ।

  তেনে এটা অশুভ পৰম্পৰা(ইয়াক কেতিয়াও শুভ লক্ষণ বুলি কব নোৱাৰি)গঢ়ি উঠা বাবেইতো খােদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কবলৈ বাধ্য হৈছে যে অহা দহ বছৰ ৰ ভিতৰত চৰকাৰী স্কুলসমুহ নাথাকিবগৈ!অৱশ্যে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই উত্তৰ গুৱাহাটীত VANDYA iInternational School নামে প্ৰাইভেট স্কুল খুলিছে যিটো আন্তৰ্জাতিক পৰ্য্যায়ৰ প্ৰাইভেট স্কুল CBSC ৰ under ত।

     নদাই ভদাইটোতো বাদেই দিয়ক,গুৱাহাটীৰ বহু উচ্চ মধ্যবিত্তীয় শ্ৰেনীৰ নাগৰিকো সেইখন স্কুলত সন্তানক পঢ়োৱাৰ সাহস নকৰিব।

  তাৰমানে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা কোনদিশে গতি কৰিছে?খোদ মুখ্যমন্ত্ৰীয়েই যদি চৰকাৰী স্কুল বন্ধ হব বুলি কবলৈ লয় তেন্তে ৰাইজ নিগমে মৰিব লাগিব দেখুন?আমাৰ বোধেৰে ৰাইজ নমৰে।কিয় মৰিব? লৰাক চৰকাৰী স্কুলত নিদি,দিন হাজিৰা কৰি,গৰু ম'হ বিক্ৰি কৰি,মাটি বাৰী বেচি যদি প্ৰাইভেট স্কুলত পঢ়াব পাৰে তেন্তে কিয় মৰিব?গুলিমাৰ চৰকাৰী স্কুল।মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীও চিন্তা কৰিব নালাগে,অসমৰ অভিভাৱকেও চিন্তা কৰিব নালাগে।প্ৰাইভেট স্কুল খোলাই খুলি থাকক,স্কুল ফিজ ইচ্ছামতে বঢ়াই থাকক,লাখ টকা দি টিউশ্যন কৰাওক,মুঠতে লৰা ছোৱালী ভাল হব লাগে।পাছে সিমান খৰছ কৰি পঢ়ুৱাই কিনো কৰিব?চৰকাৰী স্কুলেই নাথাকিবগৈ যেতিয়া চাকৰি বাকৰি কত কৰিব?

     কুৱালিটি এড্জ্যুকেশ্যনৰ বাবে

অকল প্ৰাইভেট স্কুলেই বিকল্প হব নোৱাৰে।শিক্ষাৰ মানদণ্ড বঢ়াবলৈ চৰকাৰী স্কুলসমূহৰেই আমূল পৰিৱৰ্তন সাধিব লাগিব।ৰাজকোষৰ ধন শৰাধ কৰি বিয়াগোম শিক্ষা বিভাগটো ৰাখি,হাজাৰ কোটি টকা খৰছ কৰি শিক্ষক কৰ্মচাৰীক মাহিলী বেতন দি চৰকাৰী স্কুল চলাই চৰকাৰে গা এৰা মন্তব্য দি প্ৰাইভেট স্কুল খোলাৰ দিহা দি থাকিলে দেশৰ সাধাৰণ জনতাৰ ওপৰতহে মাধমাৰ পৰিব অদূৰ ভৱিষ্যতে।যিটো ৰাম টাঙোন বুলি কয়।ৰাম টাঙোন পৰিব শিক্ষা ব্যৱস্থাত,দেশৰ অৰ্থনীতিত।ইফালে চৰকাৰী স্কুলৰ শিক্ষক কৰ্মচাৰীক দা দৰমহা দি থাকক,আনফালে অভিভাৱক শ্ৰেনীয়ে প্ৰাইভেট স্কুলত ফিজ ভৰি জুৰুলা হৈ থাকক।দুয়োফালেই লোকচান।চৰকাৰী ধন আৰু অভিভাৱকৰ কষ্টোপাৰ্জিত ধন।

  শিক্ষা ব্যৱস্থাটোৰ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰ তথা শিক্ষা মন্ত্ৰণালয়ে কিছুমান কঠোৰ স্থিতি লব লাগিব,strict সিদ্ধান্ত লব লাগিব,যদিহে শিক্ষাৰ আমূল পৰিৱৰ্তন বিচাৰে।

  প্ৰথম পদক্ষেপটো হব_চৰকাৰী স্কুল সমূহৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণ কৰিব লাগিব।

যধেমধে ভেন্সাৰ স্কুল খোলাটো বন্ধ কৰাব লাগিব।কুৱালিটি এড্জ্যুকেশন যদি প্ৰাইভেট স্কুলত হব পাৰে তেন্তে চৰকাৰী স্কুলত কিয় হব নোৱাৰিব?

  প্ৰাইভেট স্কুল খোলাৰ বাবে এটা জটিল নীতি নিৰ্দেশনা চৰকাৰে জাৰি কৰিব লাগিব যাতে পাইকাৰী হাৰত প্ৰাইভেট স্কুলবোৰ সহজে খুলিব নোৱাৰে।

  চৰকাৰ আৰু দেশৰ জনসাধাৰণ নিজেই সজাগ হব লাগিব।চৰকাৰে চৰকাৰী স্কুলসমূহ পূৰ্বৰ স্থিতিলৈ ঘূৰাই নিব লাগিব যিটো পূৰ্বৰ হায়াৰ চেকেণ্ডাৰী স্কুলসমূহত চিট পৰীক্ষা দিও চিট নোপোৱা অৱস্থা হৈছিল।তেনে এটা উচ্চ মানদণ্ডৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিব পাৰিলেই কুৱালিটী এড্জ্যুকেশন চৰকাৰী স্কুল সমূহত পুনৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিবগৈ।ৰঘূমলাৰ দৰে বঢ়া প্ৰাইভেট স্কুলসমূহ ষ্ট্ৰিক্টলী বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব।তেতিয়া ৰাজকোষৰ টকাও সদ ব্যৱহাৰ হব,গুণগত শিক্ষা হব,চৰকাৰী স্কুল বাঢ়িব,চাকৰিও বাঢ়িব,দেহৰ ঘাম মাটিত পেলাই অৰ্জা ধনো বাচিব স্কুল ফিজৰ নামত।ভাল চৰকাৰী স্কুলত বিনামূলীয়াকৈ লৰা ছোৱালীক পঢ়ুৱাব পাৰি যেতিয়া সিমান টকা খৰছ কৰি প্ৰাইভেট স্কুলত পঢ়োৱাৰ কিবা মানে আছে জানো?নিশ্চয় নাই।তেনে পৰিপ্ৰেক্ষিতত অভিভাৱক ছাত্ৰ ছাত্ৰীসকলেও চিন্তা কৰাতো প্ৰয়োজনীয়।সন্তানক চৰকাৰী স্কুলে মানুহ কৰিব নোৱাৰে,প্ৰাইভেট স্কুলত পঢ়িলেহে চোকা হয় সেই ভাৱধাৰাটো

(narrative )মনৰ পৰা আতঁৰাব লাগিব তেহে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো সুস্থ হৈ থকাৰ লগতে সাধাৰন শ্ৰেনী নাগৰিকে সকাহ পাব অন্ততঃ সন্তানক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত।

  এই কথাটো চৰকাৰ,শিক্ষক সমাজ,অভিভাৱক তথা ছাত্ৰ সমাজে হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিব লাগিব তেহে গতানুগতিক শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আহিব পৰ্য্যায়ক্ৰমে অদূৰ ভৱিষ্যতে।

   Doksiri দকচিৰি, জুন, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages