সপোন - এটি মিঠা অনুভৱ
মধুস্মিতা গগৈ
সপোন এটি মিঠা শব্দ
যাৰ নাই কোনো অন্ত
বন্ধ চকুৰে দেখা মিঠা
আভাষ মানেই চাগে সপোন
মনৰ গভীৰত মগজুৰ আৰ্তনাদ
পূৰ্ণতা পোৱাই চাগে সপোন
জীৱন জীপাল কৰা
আন এটা নামেই
এই সপোন।।
সপোন দেখিবলৈ
নাই কোনো বাধা
কিন্তু তাক বাস্তৱত
ৰূপায়িত কৰিবলৈ
যাওঁতে আহে বহু বাধা
কেতিয়াবা বগাব লাগে
দীঘল প্ৰাচীৰ
পাৰ হ'ব লাগে
বহু ৰেখা
যিয়ে পাৰে পাৰ
হ'ব তেওঁৱেই সপোনৰ
বাস্তৱ মুখ দেখিব
পাব তেওঁ সন্তুষ্টিৰ সুখ
নিদিবা হেৰাব সপোন‚
হেৰালে সপোন
হেৰাব সুখ
সপোন থাকিব লাগে
দৃষ্টিৰ আগত‚ যাতে
আগুৱাই যাব পাৰো
কৰ্মৰ মাজত।।
এৰা, কবিতা মাজেৰে বহু কথা কলো ,
কিন্তু এদিন মইয়ো আছিলো জীয়াই
এখন সপোনৰ পৃথিৱীত।
এটি আশা লৈ,
এদিন মইয়ো জীয়াই থাকিম
এজন মানুহৰ গৰ্ব লৈ।
সপোন আছে মোৰ
তোমাক লৈ,
আজিও বাট চাওঁ ৰ'দালিৰ ছাঁত
তোমালৈ ৷
আৰু মই জানো, আহিবা তুমি
সপোনৰ বকিয়াইদি
আৰু দি যাবা বাস্তবত
সপোনৰ আমেজ।।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment