অনুভৱৰ কৰণি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

অনুভৱৰ কৰণি

 


অনুভৱৰ কৰণি

ৰেজিয়া চৌধুৰী 

গুৱাহাটী


আস্ ! কি যে সুন্দৰ  !

হেঁপাহবোৰ যদি এপাহ 

ৰঙা গোলাপ হোৱাহেঁতেন ,,,!!

মনৰ কৰণিত আলফুলে 

গুজি ৰাখিলোঁ হেঁতেন,,,,!

নীলা আকাশখন যদি 

মোৰ মনৰ দলিচা হ'লহেঁতেন

তোমাক তাতেই সযতনে 

বহুৱাই ৰাখিলোঁ হেঁতেন,,,!!

দুহাত মেলি তৰাফুলবোৰ চিঙি আনি

তোমাৰ হাতত তুলি ধৰিলোহেঁতেন আৰু

তোমাৰ চৌদিশ মুঠি মুঠি জোনাক সিঁচি 

উজ্বলাই  তুলিলোহেঁতেন,,,!

চকুৰ পলক নমৰাকৈ 

তোমাৰ মুখলৈ ৰ' লাগি চাই থাকি 

দুচকুত আঁকি গ'লোহেঁতেন 

তোমাৰে প্ৰতিচ্ছবি আৰু

মৌন ওঁঠত তোমাৰ হৃদয়খনক

এবাৰ  কাৰণে হ'লেও পৰশি গ'লোহেঁতেন,,!

উতনুৱা ফাগুণৰ ধূলিয়ৰি আঁচলৰ ভাঁজত

তোমালৈ হৃদয়ৰ বতৰা দিলোহেঁতেন,,!

প্ৰেমৰ ৰাগিত মতলীয়া পলবোৰত

কৃষ্ণচূড়াৰ ৰং ঢালি দিলোহেঁতেন,,!

মেঘমল্লাৰ ৰাগত ঝংকাৰিত হৈ 

তোমাৰ সুবাসে মোৰ ধমনিৰ 

সিৰা-উপসিৰাবোৰত বিয়পি পৰিলেহেঁতেন ,,,!

এপলক ৰৌদ্রোজ্জ্বলত 

নিষ্পাপ দুখন হৃদয়ে 

স্নান কৰিবলৈ লওঁতে 

ৰাতিটো তেনেই পাৰ হ'ল

শেঁতা পৰা চকুত সকলো ওলমি ৰ'ল ,,,,!


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages