তাইৰ তৰাফুলীয়া হাঁহিটি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

তাইৰ তৰাফুলীয়া হাঁহিটি



 তাইৰ তৰাফুলীয়া হাঁহিটি

চহিদুল আলম চৌধুৰী

  

তাইৰ হাঁহিটিলৈ এতিয়াও মনত পৰে

গুলপীয়া মৌন ওঁঠৰ ফাঁকেৰে,

তাইৰ ডালিমগুটীয়া হাঁহিটিয়ে

মোৰ ৰিক্ত হৃদয়ত

সপোন সানে প্ৰতিনিয়তে।

উৰুখা পঁজাৰ বাকৰিত

সুগন্ধি পখিলা হৈ নাচে,

মোৰ গীতৰ লহৰে লহৰে।

তাইৰ নৃত্যাঙ্গণত

কোমল চেগুন কুঁহিও

মতলীয়া হৈ একেথিৰে চায়,

সূৰুজৰ এচেৰেঙা ৰ'দত

তাইৰ কঁজলা চকুযুৰিও

জিলিকি উঠে

নিশাৰ তৰাটিৰ দৰে।

তাইৰ নীলকণ্ঠত 

আহ্লাদিত হওঁ মই,

পান কৰোঁ নিচাৰ মদিৰা।

মদিৰাৰ ৰাগিয়ে সোঁৱৰাই

প্ৰতিটো উশাহতে,

চক্ৰবেহুৰ সাগৰত ডুবি থকা

তাইৰ তৰাফুলীয়া হাঁহিটিৰ কথা।


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages