নিখোজ
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
এনেয়ে সততে টোপনিত নাহে
এৰি আঁতৰি থাকিলেও
কোনোবাদিনা দেৱদূতৰ দৰে আহে
নিচুকাই দীঘল কৰে
পানীপিয়া ৰাতিটো।
ৰাতিৰ আঙুলিত গজি উঠা
আকাংক্ষাৰ চকুযুৰিয়ে
সেমেকা আখৰ থোপাথোপে সৰায়
সৰি শাৰী পাতি
থানথিত লাগিব নোৱাৰি
ঘাম হৈ গালত গজে
পানী হৈ বাগৰে
এন্ধাৰৰ লুণীয়া বাটেৰে ৷
দেৰি হ'লেই টুটি আহে সকলো
পোহৰ হয় মানে
নীলা ঘোঁৰা এটাই চৰণবোৰ চোবাই
সৰুৱাই থাকে বৰ্ণ
আৰু পুহৰি-বতাহজাকে
উৰুৱাই নিয়ে
গাখীৰতী বাটৰ আকুলতা ৷
প্ৰতিনিয়ত আওৰোৱাৰ শেষত
বৰফৰ শিশু এটা হৈ
অব্যক্ত কথাবোৰ সামৰি
শুই থাকে ৰাতিৰ কোলাত ৷
নুশুনা কাহিনী এটা
আনক নোকোৱাকৈ হাততে হেৰুৱালোঁ
এতিয়া
দুখোজ পিছুৱাই আহি
নিৰ্বাক হৈ বহি আছোঁ
বাঁহপতীয়া চকী এখনত ৷
কাহানিও আমি একেলগে বহি
কথা পতা নহ'ল
কাষতে থাকিলেও
কোনোদিন ঢুকি নাপালো
ইজনে-সিজনক ৷
সাৰপাই দেখোঁ
বিচনাৰ সেওঁতাৰে নামি অহা
কোমল কবিতা এটা
নিখোজ হোৱাৰ বাতৰি
চৌপাশে বিয়পি পৰিল
আৰু ৰৈ গ'ল
বুকুত চৰি ফুৰা
আলফুলীয়া ছাঁ।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment