নিখোজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

নিখোজ

 


নিখোজ

                জুনু বুঢ়াগোহাঞি

                          গুৱাহাটী


এনেয়ে সততে টোপনিত নাহে

এৰি আঁতৰি থাকিলেও

কোনোবাদিনা দেৱদূতৰ দৰে আহে

নিচুকাই দীঘল কৰে

পানীপিয়া ৰাতিটো। 


ৰাতিৰ আঙুলিত গজি উঠা

আকাংক্ষাৰ চকুযুৰিয়ে

সেমেকা আখৰ থোপাথোপে সৰায়

সৰি শাৰী পাতি

থানথিত লাগিব নোৱাৰি

ঘাম হৈ গালত গজে

পানী হৈ বাগৰে

এন্ধাৰৰ লুণীয়া বাটেৰে ৷


দেৰি হ'লেই টুটি আহে সকলো

পোহৰ হয় মানে

নীলা ঘোঁৰা এটাই চৰণবোৰ চোবাই

সৰুৱাই থাকে বৰ্ণ

আৰু পুহৰি-বতাহজাকে

উৰুৱাই নিয়ে

গাখীৰতী বাটৰ আকুলতা ৷


প্ৰতিনিয়ত আওৰোৱাৰ শেষত

বৰফৰ শিশু এটা হৈ

অব্যক্ত কথাবোৰ সামৰি

শুই থাকে ৰাতিৰ কোলাত ৷


নুশুনা কাহিনী এটা 

আনক নোকোৱাকৈ হাততে হেৰুৱালোঁ

এতিয়া

দুখোজ পিছুৱাই আহি

নিৰ্বাক হৈ বহি আছোঁ

বাঁহপতীয়া চকী এখনত ৷


কাহানিও আমি একেলগে বহি

কথা পতা নহ'ল

কাষতে থাকিলেও 

কোনোদিন ঢুকি নাপালো

ইজনে-সিজনক ৷


সাৰপাই দেখোঁ 

বিচনাৰ সেওঁতাৰে নামি অহা

কোমল কবিতা এটা 

নিখোজ হোৱাৰ বাতৰি 

চৌপাশে বিয়পি পৰিল


আৰু ৰৈ গ'ল

বুকুত চৰি ফুৰা

আলফুলীয়া ছাঁ।


Doksiri দকচিৰি, জুন, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages