সকলোবোৰেই পুৰণি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

সকলোবোৰেই পুৰণি

 


সকলোবোৰেই পুৰণি

                                      ৰৌচন আলি

                                        শিৱসাগৰ


পুৰণি কথাবোৰ ঘা হোৱালৈ

পুৰণি ঘাবোৰ কথা হোৱালৈ 

বাট চাই মানুহে 

ই ঠিক মানুহৰ এটা পুৰণি অভ্যাসৰ দৰেই


 সকলোবোৰেই পুৰণি

যিদৰে পুৰণি 

পুৰাতন পৃথিৱীত মানুহবোৰ মানুহ হোৱাৰ 

জোনটো জোন অথবা বেলিটো বেলি হোৱাৰ 

ইতিহাস


ইতিহাস ক'ৰপৰা আৰম্ভ হয়

মাটিৰ পৰা নে শূন্যৰ পৰা! 


বান্দৰৰ নেজত ধৰি 

ওলমি থকা মানুহৰ ইতিহাসত 

প্ৰথমটো আঙুলিৰ চাব 

কাৰ আছিল

হয়তো নজনাকৈয়ে

মানুহে 

একেখিনি পানীকেই 

মেঘ হোৱাৰ পৰা

বৰষুণ হোৱালৈ বাট চায় 


একেখিনি মাটিকেই তল ওপৰ কৰি 

সিঁচে 

শইচৰ বীজ


একেখিনি নদীকেই সভ্যতাৰ নামত উৎসৰ্গা কৰে 

একেখিনি সংখ্যাকেই ইফাল-সিফাল কৰি গণনা কৰে সময় 


সকলোবোৰ একেই

পুৰণিৰ চেৰেকিত ঘূৰা

নতুন সূতা

 

পুৰণিবোৰকেই

খান্দি খান্দি

নতুন বুলি ভ্ৰম কৰি

আদ-বাটত

বিচাৰি ফুৰে  

ইজনে আনজনক 


পুৰণি কবিতা এটাক নতুনকৈ লিখা

ই মানুহৰ ঠিক পুৰণি অভ্যাস এটাৰ দৰেই ।


                                     দূৰভাষ- ৯১০১২১১২৩২


Doksiri দকচিৰি, জুন, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages