সকলোবোৰেই পুৰণি
ৰৌচন আলি
শিৱসাগৰ
পুৰণি কথাবোৰ ঘা হোৱালৈ
পুৰণি ঘাবোৰ কথা হোৱালৈ
বাট চাই মানুহে
ই ঠিক মানুহৰ এটা পুৰণি অভ্যাসৰ দৰেই
সকলোবোৰেই পুৰণি
যিদৰে পুৰণি
পুৰাতন পৃথিৱীত মানুহবোৰ মানুহ হোৱাৰ
জোনটো জোন অথবা বেলিটো বেলি হোৱাৰ
ইতিহাস
ইতিহাস ক'ৰপৰা আৰম্ভ হয়
মাটিৰ পৰা নে শূন্যৰ পৰা!
বান্দৰৰ নেজত ধৰি
ওলমি থকা মানুহৰ ইতিহাসত
প্ৰথমটো আঙুলিৰ চাব
কাৰ আছিল
হয়তো নজনাকৈয়ে
মানুহে
একেখিনি পানীকেই
মেঘ হোৱাৰ পৰা
বৰষুণ হোৱালৈ বাট চায়
একেখিনি মাটিকেই তল ওপৰ কৰি
সিঁচে
শইচৰ বীজ
একেখিনি নদীকেই সভ্যতাৰ নামত উৎসৰ্গা কৰে
একেখিনি সংখ্যাকেই ইফাল-সিফাল কৰি গণনা কৰে সময়
সকলোবোৰ একেই
পুৰণিৰ চেৰেকিত ঘূৰা
নতুন সূতা
পুৰণিবোৰকেই
খান্দি খান্দি
নতুন বুলি ভ্ৰম কৰি
আদ-বাটত
বিচাৰি ফুৰে
ইজনে আনজনক
পুৰণি কবিতা এটাক নতুনকৈ লিখা
ই মানুহৰ ঠিক পুৰণি অভ্যাস এটাৰ দৰেই ।
দূৰভাষ- ৯১০১২১১২৩২
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment