মধ্যবিত্ত
আগমনি ফুকন শইকীয়া
তেনেই সাধাৰণ মানুহ আমি
বৰ বেছি আশা নাই
বৰ বেছি মোহ নাই
বৰ বেছি লোভ নাই
বৰ বেছি সাধাৰণ বাবেই আমাক কিনা-বেচা কৰিবলৈ সহজ
আৱেগবোৰ শুহি শুহি খায়
আৰু মৃতদেহ সজায়
সপোন দেখিবলৈ তেওঁলোকে আমাক শুৱাই ৰাখে
শুই শুই আমি ৰজা হওঁ
শুই শুই আমি দালান বনাওঁ
শুই শুই আমি নিজকে শিয়াল বুলি ভাবি
বাজি মাৰোঁ
তেনেকৈয়ে থাকি থাকি আমি হঠাৎ এদিন সাৰ পাওঁ
লম্ফ-জম্ফ কৰোঁ
পেটত পানী-গামোচা মাৰি ধাৰ লৈ ঘৰ সাজোঁ
টেক্স দিয়া ভাত এসাঁজ খাই ফোপোলা ঢঙত উটি-ভাঁহি ফুৰোঁ
ককাদেউতাই সজা ঘৰটোৰ বাবেই
আমি দুখীয়া নহয়
যদিও ভিতৰত লঘোনে ঠেহ পাতে
দুখীয়া নোহোৱাৰ বাবেই
আমি আঁচনিৰ বাহিৰত থাকোঁ
গাহৰি, কুকুৰা পুহি জীয়াই থাকিব খুজিলেও
আমি নোৱাৰো
হ'লোঁ মাথোঁ আমি ধৰ্ম ৰক্ষক
অথবা সমাজ ৰক্ষক
আৰু হ'লোঁ হিন্দু
অথবা মুছলমান
সেয়েহে ভয় আমাৰ ধৰ্মলৈ
ভয় সমাজলৈ
সমাজখন আমিয়েই চলাই নিব লাগে
ভাল বেয়া বিচাৰ আমিয়েই কৰিব লাগে
ধৰ্মীয় নিয়মবোৰো আমিয়েই মানিব লাগে
মাজে মাজে জীয়াই থকাই আমাৰ কাম
মাজে মাজে মৰি থকাই আমাৰ কাম
কাৰণ আমি যে মধ্যবিত্ত
ফোনঃ ৯০৮২৮১৩২৩৯
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment