বহাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

বহাগ

 



ব'হাগ

ৰঞ্জিতা ৰাণী বৰা 

  

ফাগুনৰ শেষত

চ'ত মাহৰ বৰষুণ থাকে

মোক সকিয়াই গ'ল

বহাগ আহিবৰ হ'ল,

বহাগ মানে জানো 

এটি মাহ!

বহাগ হৈছে

মোৰ বাবে মন প্ৰাণ

পুলকিত কৰা এটি আলোড়ন

যি আনি দিয়ে

মোৰ মনত

অযুত আনন্দৰ উল্লাস,  

যত বৈ যায়

প্ৰেম প্ৰেৰণাৰ বৈণ্যা,

বহাগেআনি  দিয়ে 

আমাৰ জাতি সংস্কৃতিৰ

ৰক্ষাৰ সংকেত,

বহাগৰ কপৌ ফুলপাহিয়ে

মনত পেলাইমোৰ চেনাই

নৈৰ পাৰত আহঁতৰ তলত

কলডিলীয়া খুপাত

পিন্ধা ই দিয়া 

যৌৱন কালৰ প্ৰেমৰ কথা,

বহাগে মনলৈ আনে

আমাৰ জাতীয় সংস্কৃতিৰ

বৰভেটি গঢ়িব খোজা 

সংঙ্কল্পৰ কথা।


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages