গ্ৰন্থ আলোচনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 1, 2023

গ্ৰন্থ আলোচনা

 


গ্ৰন্থ আলোচনা

গ্ৰন্থ - নিঃসংগ শংখৰ ছাঁ 

           কবি - ঋতুবাস্তৱ হাজৰিকা 

     প্ৰকাশক - শংকৰদেৱ প্ৰকাশন, নগাঁও

প্ৰথম প্ৰকাশ - নবেম্বৰ, ২০২২ 

            মূল্য - ১২০ টকা 

    

পৱন বৰ্মন 

পাখামাৰা, বাকসা 


    The crown of literature is poetry. It is its end and aim. It is the sublimest activity of the human mind. It is the achievement of beauty and delicacy. The writer of prose can only step aside when the poet passes.- Somerset Maugham 

   


ঋতুবাস্তৱ হাজৰিকাৰ কবিতা সংকলন "নিসংগ শংখৰ ছাঁ" পঢ়িলোঁ ।এমুঠি ভাল লগা কবিতাৰে সংকলন খন সজাই তুলিছে। কবিতাৰ পাঠক হিচাপে মই একেবাৰে অপৰিপক্ব, তৎসত্বেও কবি হাজৰিকাৰ কবিতা সংকলন খন পঢ়োঁতে মনৰ মাজত উকমুকাই থকা কিছু কথা প্ৰকাশ কৰিব মন গ'ল ।

  

কবিতানো কি ?

কবিতা কি তাৰ সঠিক উত্তৰ হয়তো নোলাব, কিন্তু কবিতা সম্পৰ্কত আমাৰ কিছু ছাঁ- পোহৰৰ দৰে ধাৰণা আছে। তাহানিৰে পৰা মুনিহ-জ্ঞানী সকলে কবিতা চৰ্চা কৰি আহিছে, কবিতাৰ ওপৰত বিস্তাৰিত আলোচনা হৈছে। মানুহে প্ৰকৃতিৰ বিভিন্ন দিশ নিপুণ ভাৱে পৰ্য্যবেক্ষণ কৰি থাকোঁতে মন-মগজুত সৃষ্টি হোৱা অলেখ স্পষ্ট-অস্পষ্ট ভাৱবোৰ কবিয়ে শব্দৰ যাদুকৰী ভাষাৰে প্ৰকাশ কৰে। ঋতুবাস্তৱ হাজৰিকাৰ কবিতা পঢ়ি অনুমান কৰিব পাৰিছোঁ তেখেত এজন অনু্ভৱী লগতে কৌশলী কবি। তেওঁৰ কবিতাত যিদৰে বিচাৰি পাও প্ৰেম আৰু বিষাদ তেনেকৈ তেওঁক ক'ব পাৰি বিদ্ৰোহী কবি বুলিও। সমাজৰ বিভিন্ন দিশৰ ঘটনা প্ৰবাহ দেখি-শুনি কবিৰ মন-মগজুত সৃষ্টি হোৱা অলেখ স্পষ্ট-অস্পষ্ট ভাৱনাবোৰ কবিয়ে শব্দৰে সঠিক জোখ-মাপত ব্যৱহাৰ কৰিছে যেন অনুমান হয়  । কবি হাজৰিকাৰই শ্লেষপূৰ্ণ কাব্যভংগীমাৰে আমি আমাকে ক'বলগীয়া কথাবোৰ কবিতাৰে চিত্ৰিত কৰিবলৈ যত্ন কৰিছে ।


  সংকলন খনৰ প্ৰথম কবিতাটিতে কবিয়ে কৈছে -

  "কথাবোৰ যেতিয়া তোৰ-মোৰ হ'ল

  ভাল নলগা হ'ল

  তোৰ - মোক

  মোৰ - তোক" - (সহোদৰ)

  এই কবিতাটিত কবিয়ে অলংকাৰ অবিহনে আমাৰ সেই দৃশ্যটো তুলি ধৰিছে য'ত (শৈশৱ) আমাৰ ভাই-ভনীৰ মাজত তোৰ-মোৰ বুলি বিশেষ একো নাথাকে, সকলো আমাৰ আৰু যেতিয়ালৈ আমাৰ হৈ থাকে আমি সুখী। ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ মগজুত বাহ লয় এক দুৰাকাংক্ষি ব্যাধি, ফলত আমি হৈ পৰোঁ স্বাৰ্থপৰ। আমি নিচিনা হৈ পৰোঁ আমাৰ সহোদৰকো, ইজনে সিজনৰ প্ৰতি বিদ্বেষী হৈ পৰোঁ। এয়া আমাৰ বাবে অনাকাংক্ষিত  এখন জীয়া ছবি ।

  "শামুক" কবিতাটি চুটি কিন্তু পাঠকে নিজস্ব ভাৱনাৰে সজাই ল'ব পৰা এটি ঘন অৰ্থবহ কবিতা।

আমাৰ নবীন কবি সকলৰ মনত সাধাৰণতে প্ৰেম আৰু বিদ্ৰোহৰ কবিতাই বাহ সাজে। এই দুই ধৰণৰ কবিতাই আমাক বৰকৈ আকৰ্ষিতও কৰে। বিদ্ৰোহী কবিতাৰ ভাষা কঠোৰ। যিমানে ভাষাৰ কঠোৰতা বেছি হয় সিমানেই বিদ্ৰোহী কবিতাই পাঠকক আকৰ্ষিত কৰি মনত ঝংকাৰৰ সৃষ্টি কৰে। কবি হাজৰিকাৰৰ তেনে এটি কবিতা "বাদানুবাদ"।

  "নাতিদূৰৈত পাগলী তিৰোতা এজনীৰ স্তন খামুচি

  কান্দি আছে এটা জাৰজ (!) শিশু" 


"এনেদৰে 

শৰীৰৰ প্ৰত্যেক অংগ প্ৰত্যংগৰ বাদানুবাদত

মই হৈ পৰিছোঁ এটা অকামিলা মানুহ" - (বাদানুবাদ) 

   কবি হাজৰিকাই বাদানুবাদ কবিতাটিত শ্লেষপূৰ্ণ কাব্যভংগীমাৰে সমাজৰ মানুহ হিচাপে জীৱ শ্ৰেষ্ঠ হ'বলৈ ক'বলগীয়া বহু কথা কবিতাটিৰ দ্বাৰা প্ৰকাশ কৰিছে। আমি নিজেই জীৱ শ্ৰেষ্ঠ খিতাপ দখল কৰা জীৱ আৰু সেই কথা আমাক কেতিয়াবা সোঁৱৰাই দিবলগীয়া হয়। আমি আমাৰ মাজতে সৃষ্টি কৰি লৈছোঁ উচ্চ-নীচ, ধনী-দুখীয়া, ক'লা-বগা কিমান যে কি! কোনোয়ে উদৰ পূৰাই খায় কোনোয়ে খুদ-কণৰো ভাগ্য নহয়! আমাৰ মাজত কিয় এই বিভাজন কিয় এই বাদানুবাদ? আমি হেৰুৱাইছোঁ নেকি আমাৰ ভিতৰৰ মানৱতা! 


   "কোঠাৰ ভিতৰত মই আকৌ মৰিছোঁ "

মই (কবি) মানুহ হিচাপে জীয়াই আছোঁ নে? নে মোৰ আত্মা ইতিমধ্যে মৰি গৈছে! হয় আমি যেন মৰিছোঁ, মৰিছে আমাৰ মানৱতা আৰু হৈ পৰিছোঁ পিশাচ সদৃশ অকামিলা মানুহ। 


কবি হাজৰিকাৰ  অনুভৱ বৰ চিন্তাগধুৰ কেতিয়াবা কবিৰ মনত কিছু কথাই আউল লগাই - 

  "কাৰোবাৰ মুখলৈ চাই কৈ দিব নোৱাৰি 

  বুকুৰ যন্ত্ৰনা

  অথবা বিদ্ৰোহৰ কথা" - (সহজতে একোৱে কৈ দিব নোৱাৰি)

  আমি একোৱে ঘপহকৈ কৈ দিব নোৱাৰো। কেতিয়াবা হাঁহিৰ আঁৰৰ ছবি খনো কৰুণ হৈ পৰে। ঠিক তেনেকৈ চকুলোৰ পিছতো থাকে কপটতা।

  'সময়' কবিতাটি আমাৰ প্ৰত্যেকৰে বাবে, আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবই লাগিব। নহ'লে আমি হৈ পৰিম নিস্কৰ্মা, এলেহুৱা। তেতিয়া সময়ে আমাক ক্ষমা নকৰিব আৰু তেতিয়া আমি ভাগ্যক দোষীলে নহ'ব। প্ৰাণবায়ু থকালৈ নিজক জীয়াবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগিব। জীৱনত দুখ-বেদনা আছে থাকিব, দু:সময় পাৰ হ'ব এই বিশ্বাসেই অদৃশ্য দুহাত। এই দুহাত খামুচি পাৰ কৰিব লাগিব জীৱন যুদ্ধ।

 

 "মৃত শব্দবোৰ"কবিতাটি চুটি যদিও কবিতাটি পাঠকে নিজা অনুভৱেৰে চিত্ৰায়ন কৰি ল'ব পাৰে - এই খিনিতে লুকাই থাকে কবিৰ সাৰ্থকতাও। কবিতাটি পঢ়ি আমাৰ অনুভৱ হৈছে - কবিৰ মনলৈ অতীতৰ স্মৃতি বৈ আহি কবিক আমনি কৰিছে, কবিৰ মনটো গধুৰ হৈ পৰিছে, কবিক ঘেৰি ধৰিছে এক অকল্পনীয় বেদনাই। কবি ইয়াৰ পৰা পৰিত্ৰাণ  বিচাৰিছে, লিখিব বিছাৰিছে কবিতা, যেন শব্দৰ মাজত বিলীন হৈ পৰিব।

 

    'ৰাতিবাদ' পঢ়ি বিভোৰ হৈ পৰিছোঁ, কবিতাটি একেবাৰে সৰল যদিও চিত্ৰকল্প সাংঘাতিক, শ্লেষ আৰু কৌতুকময়তাৰে পূৰ্ণ এটি চিন্তাগধুৰ কবিতা। 

    "পৃথিৱীৰ বহু বদনামৰ ভাৰ জাপি দিয়া হয় ৰাতিক 

    বহু জঘন্য সময়ৰ সাক্ষী ৰাতি" - (ৰাতিবাদ) 

 ৰাতি বদনামী কিন্তু ৰাতিৰ দোষ বা কি! পোহৰ নোহোৱা সুযোগত কোনো জাপি দিয়ে ৰাতিক সেই বদনাম? ৰাতি মাথোঁ নিৰৱ সাক্ষী সেই নাৰকীয় ঘটনাবোৰৰ, সেইবাবেই ৰাতি বদনামী। ৰাতি কিছুলোকৰ 'ভোকৰ ভাত' কিছুলোকৰ 'হাট' - যিদৰে কবি ৰাতিকলৈ সংকিত তেনেকৈ ৰাতিকলৈ আশাবাদীও। কাৰণ ৰাতিৰ আশ্ৰয়তে বহু লোকে গোটাইছে পেটৰ ভাতমুঠি। ৰাতিবাদ থাকিব কিন্তু বিষয় হ'ল মানুহ হিচাপে ৰাতি বিশ্ৰাম ল'ম নে মুখাপিন্ধি ঘূৰিম!


  "বাঁহ ফুলিছে" এটি বাঙ্ময় কবিতা। কবিতাটিত এটি লোকবিশ্বাসকলৈ কায়দাৰে চিত্ৰাংকন কৰিছে - বাঁহ ফুলা আমাৰ লোকবিশ্বাস মতে অশুভ লক্ষণ। বাঁহ ফুলিলে দুৰ্ভিক্ষ হয় বুলি জনমানসত এক ধাৰণা আছে। কবিয়ে অনুভৱ কৰিছে যেন আমাৰ সমাজ খনতো দুৰ্ভিক্ষই দেখা দিছে। ৰাতি পাহাৰত গুলী ফুটিছে! কিন্তু গুলী কিয় ফুটে? নিশ্চিতভাৱে কাৰোবাক হত্যা কৰা হ'ব। অকাল মৃত্যু ঘটিব মানুহ নতুবা কোনোবা অজলা-আপচু জীৱৰ। ইয়াৰ আঁৰত থাকে সংকিৰ্ণ স্বাৰ্থ, হিংসা ইত্যাদি। এই কপটতা ভয়াবহ।

  

 "শেষ নিশা চৰাইৰ বাহবোৰত কোনোয়ে জুই দি গোপনে আঁতৰি গৈছে"  কিমান নিষ্ঠুৰ হ'লে জুই দিব পাৰে বাসস্থানত? কিন্তু কাহানিও জীৱকূলৰ মানুহৰ বাহিৰে অন্য জীৱৰ মাজত এনে হিংসা নাই, আচৰিত আমি মানুহ! কবিৰ চিন্তা হৈছে সমাজ খন কোনপিনে গতি কৰিছে? কবিৰ এই সংশয় বাস্তবিক। কবি উপলব্ধি কৰিছে এই দুৰ্ভিক্ষৰ ভয়াবহতা সেয়ে সাৱধান কৰি দিছে। বাঁহ ফুলিছে। 

   

"ভৰিচেলেকাৰ জাত নাই"- (ভৰিচেলেকা) সমাজ ব্যৱস্থাৰ আটাইতকৈ ভয়াবহ তথা মেৰুদণ্ডহীন প্ৰাণী এইবিধ দুঠেঙীয়া। তাতকৈ চিন্তনীয় কথাটো হৈছে এই ভৰিচেলেকাৰ সংখ্যাটো কম নহয়। ইহঁতৰ কোনো জাত নাই, কোনো ধৰ্ম নাই, নাই কোনো বৰণ হঠাৎ সলনি হৈ যায়। কবিয়ে দেখিছে ভৰিচেলেকিলে কেনেকৈ বিপুল সম্পদৰ গৰাকী হ'ব পাৰি কিন্তু তেওঁলোক কেতিয়াও মূৰ তুলি খোজ দিব নোৱাৰে। 

   কবি দেখিছে যদি মূৰ তুলি থাকিব লাগে, যদি বিবেক বিক্ৰী নকৰে তেতিয়া কঠোৰ শ্ৰম কৰিবলগীয়া হয়, প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ পৰে আৰু যদি তৈলমৰ্দন কৰিব পাৰে কোনো কথা নাই সকলো যেন সম্ভৱ।

 

"  মোৰ চকুযোৰ কাব্যিক 

   সেইবুলি মৃত্যুত কবিতা নেদেখোঁ" - (কাব্যিক চকু) 

   কবিয়ে প্ৰকৃতিৰ প্ৰতিটো বস্তুকে সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। কবিতা লিখাতো সহজ কাৰবাৰ নহয়। সেইবাবে  বিভিন্ন সময়ত বিজ্ঞজনে কবিতাক স্বৰ্গীয়, ৰহস্যময়ী আদি অভিধাৰে অভিব্যঞ্জিত কৰিছে। কবি সকলে প্ৰকৃতিৰ আমি দেখা সাধাৰণ ছবিকো কাব্যিক দৃষ্টিৰে অসাধাৰণ ৰূপে চিত্ৰকল্প কৰিব পাৰে। কবি হাজৰিকাৰইয়ো এই ধৰণীৰ সকলো বস্তুকে কাব্যিক দৃষ্টিৰে চোৱা চেষ্টা কৰিছে কিন্তু বেয়াক ভাল আৰু ভালক বেয়া ৰূপে প্ৰতিষ্ঠা  কৰিব বিচৰা নাই।

   "নিজৰাবোৰ একোজনী চঞ্চলা গাভৰু

 আৰ্ত শিশুবোৰ আন্ধাৰ" - (কাব্যিক চকু) 

 কবিয়ে  দেখিছে পাহাৰৰ দাঁতিত চঞ্চলা গাভৰুই নাচি আছে কবিৰ মন পুলকিত কৰি তুলিছে একে সময়তে আৰ্ত শিশুবোৰে কবিক  বধিৰ কৰি তুলিছে। ভৱিষ্যত হীন সপোনবোৰে কবিলৈ হাত মেলি ৰৈ আছে। শিশুবোৰে পাব লাগে সকলো সম্ভাৱনাময় উৎকৰ্ষ সাধনাৰ এক সুস্থ পৰিৱেশ তেনেস্থলত যদি তেওঁলোকেই ভাৰাক্ৰান্ত সমাজ খনে কেনেকৈ জ্যোতিষ্কৰ পিনে ধাৱমান হ'ব? 

   

   " চকু বুৰাই সামৰি থ'লোঁ বুকুৰ শোক 

    মুঠি মাৰি সামৰি থ'লোঁ ক্ষোভ" - (নিঃসংগ শংখৰ ছাঁ) 

     মানুহ সামাজিক প্ৰাণী, মানুহে অতীজৰে পৰা সমাজ পাতি বাস কৰি আহিছে আৰু ইজনে সিজনৰ প্ৰতি দায়বদ্ধ। আমি সুখ-দুখ সকলোতে কাৰোবাৰ সংগ বিচাৰোঁ, বিচাৰোঁ হৃদয়ৰ অকৃত্ৰিম ভালপোৱা কিন্তু;কবি যেন নিঃসংগ! শোকত ভাঙি পৰা সময়তো চকুলোকে আপোন কৰি, মনৰ প্ৰচণ্ড ক্ষোভ কষ্টেৰে নিয়্ন্ত্ৰণ কৰিছে। প্ৰকৃততে আমাৰ বহুতৰে একেই দশা, ভিৰৰ মাজতো নিঃসংগ। 

     নিজক হেৰুৱা বৰ কষ্টকৰ।কবি 'এডজাষ্ট ' কৰোঁতে কৰোঁতে যেন নিজস্বতা নোহোৱা হৈ যোৱাৰ উপক্ৰম হৈছে কিন্তু কবিৰ এই মৰ্মবেদনা কোনেও যেন উপলব্ধি কৰিব পৰা নাই। 

     "যাৰেই কোলাত গুজিছোঁ মুখ 

     সিয়ে পিঠিত গোপনে বহুৱাই ছুৰী" - (আত্মশ্লেষ) 

     আমি সকলে জানো বিস্বাসঘাটতাৰ সমান ডাঙৰ শত্ৰু আৰু কোনো নাই। কবি বাৰে বাৰে বিস্বাসঘাটকতাৰ বলি হৈছে। শত্ৰুক সমুখ-সমৰৰ পৰা যুঁজ দিয়া আত্মবিশ্বাস গোটাব পাৰি কিন্তু যদি আপোন হৈ পিছফালে খাপপিতি ৰয় তেতিয়া সেই শত্ৰুৰ পৰা পৰিত্ৰাণ পোৱা দুৰূহ। কবিৰ এই দুঃসময়ত কবি অকলশৰীয়া চাৰিওফালে বিশ্বাসঘাটকতাৰ দাবানল। এই সকলোৰে লগত যুঁজ দিওঁ কবি কিন্তু মনোবল হেৰুৱা নাই, পৰি উঠি আকৌ নতুম উদ্যমেৰে জীৱন যুদ্ধত অৱতীৰ্ণ হৈছে। এই যুঁজ যেন আমাৰো। 

      সামাজিক সমস্যা সমূহৰ ক্ষেত্ৰত কবি হাজৰিকাৰ অধিক সৰব, সমাজ খনৰ নীৰিহ মানুহ খিনিৰ অভাব, অভিযোগ তেওঁলোকৰ ভাৰাক্ৰান্ত জীৱনৰ আৰ্তনাদ কবিতাৰে প্ৰতিবাদ কৰিছে। তেখেতৰ ক্ষোভ আছে সমাজ খনৰ বিভিন্ন দিশত, সেয়েহে কবি কৈছে - 

     "আধিকাৰ বিচাৰি ৰাজপথত সমদল হয় 

     ৰাষ্ট্ৰীৰ ভেল্কিবাজীত কঙাল দেশৰ মানুহ 

     মুখ থাকিও নিমাত বৌদ্ধিক সমাজ" - (ৰৈ যাওঁ) 

     হত্যা, ধৰ্ষন, প্ৰতাৰণা... সাধাৰণ জনতাৰ ন্যায় ক'ত? অন্ন, বস্ত্ৰ, বাসস্থান সকলোতে অনিয়ম, ভ্ৰষ্টাচাৰ! বৰ্তমানৰ সমাজ খন আমি দেখিছোঁ, দেখিছোঁ সাধাৰণ জনতাৰ মৰ্মবেদনা আৰু দেখিছোঁ ৰাষ্ট্ৰৰ প্ৰতাৰণা। নেতাৰ ভেল্কিবাজী কথা আৰু মৰি মৰি জীয়াই থকা জনতা।এই শোষিত, নিষ্পেষিত মানুহ খিনি সদায়ে এনেকৈ থাকিব নেকি? বৌদ্ধিক সমাজ নিমাত কিয়? তেওঁলোকৰ বিবেক বিক্ৰী হৈ গ'ল নেকি! কবি আচৰিত! যদি সমাজৰ বৌদ্ধিক মহল ৰাষ্ট্ৰৰ লগত লীন হৈ যায় সমাজৰ নীৰিহ মানুহ খিনি ক'লৈ যাব কি কৰিব? তেওঁলোক নিৰুপায়, নিৰুপায় কবি নিজেও। 

   

    কবিতা পঢ়ি তাৰ ওপৰত কথা কোৱা কাৰবাৰটো সহজ নহয়। ইয়াৰ বাবে লাগে গভীৰ অধ্যয়ন আৰু নিৰৱ সাধনা য'ত মই একেবাৰে চালুকীয়া । এয়া মাথোঁ সংকলন খনৰ দুটিমান কবিতাৰ ওপৰত মোৰ অনুভৱ, হয়তো কবি আৰু অন্য পাঠকৰ ভাৱনাৰ সৈতে মোৰ অনুভৱৰ কোনো মিল নহবও পাৰে। কবিতাৰ সাধক সকলৰ দৃষ্টিত হয়তো হাজৰিকাৰ কবিতা সমূহত অধিক ঘন অৰ্থ ঘনীভূত হৈ আছে। কবিতাৰ ন-শিকাৰু হিচাপে আপোনাসৱৰ ওচৰত মই মোৰ সকলো ভুল-ক্ৰুটিৰ মাৰ্জ্জনা বিচাৰি মোৰ চমু আলোচনা সামৰিছোঁ। 



ফোন: ৯৬১৩১৭৪৭১০


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages