লাম্পী দেৱী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

লাম্পী দেৱী

 


লাম্পী দেৱী

ঋষভ নাথ


বনৰীয়া শিং দুটা ধৰি চিকাৰীদলৰ

এজনে জুখিছিল নাঙলৰ বল 

আৰু দুটা চালুকীয়া চকাৰ চলাচল

আন এজনে পেটৰ ভিতৰৰ আন্ধাৰ

বগা কৰিছিল ওহাৰৰ গাখীৰেৰে


দিনৰ খোজে খোজে হিচাপ ওলাইছিল

কেইখন ভৰি সুৰক্ষিত কৰিব পাৰে

দক্ষ মুচিয়াৰে এডোখৰ চামৰাৰে


পাল সাৰি গৰু আহি থাকিল গোহালিলৈ

ধনীৰাম গৃহস্থৰ হিচাপ বাঢ়ি থাকিল 

বাঢ়ি গৈ থাকিল দৈনিক গড়ে 

তেৰ লিটাৰ মূত্ৰৰ উপকাৰ

ঊখৰ পথাৰৰ অংশ হৈ থাকিল 

বছৰি এটা মলদ্বাৰৰ বাৰ টনকৈ সাৰ


এদিন এচামে চাৰিঠেং দাঙি চালে 

দানাৰ তুলনাত মাংস কিমানখিনি 

আৰু বিবিধ অলংকাৰ উলিয়ালে 

দুশ সাত কঠিন হাড়ৰ সাঁথৰ ভাঙি

আন এচামে আকৌ পুথিত পালে

বৈতৰণী পাৰ হ'বলৈ দলং নালাগে

নিতৌ ৰাতিপুৱা গাইক ৰুটি খুৱালে


গৰু ঢাকিবলৈ বেপাৰীয়ে বকলাৰ দৰে 

লগাই দিলে নিজা নিজা চানেকিৰ ঢাল 

আৰু পৰীক্ষাত আহিল 

বাঘৰ ছাল পিন্ধা গাধৰ বোজা 

গৰুবোৰে কঢ়িওৱাৰ পাল


গৰুৰ তেজ বাঘৰ দাঁতত নলগা আজি

যুগ পাৰ হৈ গ'ল পিছে বাঘ ঘৰচীয়া নহ'ল

আৰু জংকট ভীষণ খাদ্য সংকটত পৰিও

গৃহাশ্ৰম এৰি ৰক্তাক্ত গো-বাটেৰে 

গৰু উভতি নগ'ল অৰণ্যলৈ


গৰুক গৰু হৈ থাকিবলৈ নিদিয়া বাবে

ক্ৰোধত জাগি উঠিছে দেৱী লাম্পী

আজি অজস্ৰ চাকিৰ তেল পান কৰিছে

কিন্তু তেওঁৰ মনৰ আন্ধাৰ দূৰ হোৱা নাই

শুনি পোৱা নাই ধূপ-ধুনাৰ ধোঁৱাই 

গোলোকধামলৈ নিয়া প্ৰাৰ্থনাও 


অল্পমতী গো-পালক আৰু খেতিয়কে

কলপাতত দিয়া দক্ষিণা দলিয়াই তেওঁ 

বিশ্বামিত্ৰৰ দৰে হৈছে উগ্ৰ আৰু জেদী

এফালৰপৰা নখেৰে এৰুৱাই গৈছে

গো-কালৰ ছালৰ ওপৰৰ ছাল

কিন্তু তাতো জঞ্জাল

চিকুটে পতি উঠি যায়

গৰুৰ ছালৰ তলৰ ছাল

মঙহ ওলায় তেজ নুশুকায়

পিছে দেৱী লাম্পী নাচোৰবান্দা

ঘ্ৰাণ পাই যদি বাঘ আহে আহক

বাঘৰ খেদাত গৰু আকৌ গৰু হওক


হ'লে কি তাতো হিতে বিপৰীত

বাঘৰ ছাল পিন্ধা গাধৰ বোজাটো

ঘূৰি আহি পৰিল ডাম্পিং গ্ৰাউণ্ডত

ৰাতি শিয়াল নাই দিনত শগুণ নাই

ইপিনে গুণী নাকৰ বতাহ শুঙি

খুনী হৈ উঠিছে মাখি


দুঃখিত দেৱী লাম্পী

কিন্তু তেওঁ কৰিব কি

তেওঁ কেৱল বিচাৰিছে

গৰু সদায় গৰু হৈ থাকক

আৰু গৰুৰ পিঠিত যম নুঠক


টোকা:

লাম্পী- Lumpy


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages