আমি সকলো অকলশৰীয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

আমি সকলো অকলশৰীয়া



 আমি সকলো অকলশৰীয়া

অনিৰ্বাণ দত্ত

হাৱাজান, লক্ষীমপুৰ


যিটো বেলিলৈ চাই

ৰৈ আছিলোঁ


যাৰ ৰ’দত

ঠন ধৰি উঠিম বুলি ভাবি লৈছিলোঁ


সৰ্বোত্তম কামখিনি কৰি 

সৰ্বোচ্চত আছে বুলি

যাক মান দিছিলোঁ


আৰু

চিঞৰি চিঞৰি দহক কৈছিলোঁ

তেওঁলৈ এবাৰ চা

চকু মেল


পিছে শেষত 

সব মিছা

আনকি নিজেও 


চকুমেলি দেখিলোঁ 

কাৰো চকুত চকু নাই

আছে চাতুৰি

নাই কোনো কাৰো বুকুত


এনেয়ে সাজিছোঁ সভাঘৰ

পাতিছোঁ দীঘল শাৰী


সহস্ৰজনৰ মাজতে

তেনেই অকলশৰীয়া আমি।


ফোনঃ ৯১০১৮১০৮৬২


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages