নিজৰ মাজতে নিজে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

নিজৰ মাজতে নিজে

 



নিজৰ মাজতে নিজে

পাৰিজাত বৰুৱা

গোলাঘাট


নিজৰ মাজতে নিজে ওমলোতে

এদিন  ক'লাহি লাজ লাজকে 'মোৰ লগ হ'বানে!' 

লগ হোৱাটোনো কি ডাঙৰ কথা !

এবাৰ চকুলৈ চাওঁতে লগেই হৈ পৰিলোঁ।

তেতিয়াৰে পৰা জপিয়াই , 

জপটিয়াই যোৱা ক্ষণবোৰত

লগেই আছিলোঁ, হাঁহিবহে পাৰিছিলোঁ । 

এতিয়া লগ পৰ্বতৰ টিঙত, নদীৰ মোহনাত,

অৰণ্যৰ হেৰোৱা বাটত, বতাহত লৰা গছৰ আগত,

পথৰুৱা নিজান দীঘলীয়া চিঞৰত, 

পানী-সুহুৰিত, ডৰকলগা মাছৰ চকুত,  

একেবাৰে শেহত মোবাইলৰ কীবোৰত।

লগ হোৱা নহয় সহজ।

লগৰ সৈতে নাই ভেটাভেটি 

নাই সাৱটা-সাৱটি।

এতিয়া লগ পাবলৈ বাৰে বাৰে বুৰোঁ ভাৱৰ সাগৰত

তল-ওপৰ কৰোঁ, ককবকাও

হাতমেলি দিওঁ লগৰ হাতৰ সন্ধানত

লগ তেতিয়া পাহাৰৰ টিঙত  

অপাৰ জলধিত মন কাগজৰ নাও   

সাজি পেলোৱা তেনেই  সহজ 

 সাগৰত জোৱাৰ উঠিছে, ভাটা নামিছে 

ভাটাৰনো আৰু কি 

জোৱাৰক নমাই থোৱাই কাম

কাগজৰ নাও বুৰি বুৰি উটিছে 

লগে চাইছেনে নাই, দেখিছেনে নাই 

কোনেনো জানে !


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages