বাক স্বাধীনতাহীন মানৱ
সীমা প্ৰধান
গুৱাহাটী
হে মানৱ, আজি তুমি কোন যুগত,
স্বাধীন হৈয়ো যেন পৰাধীন৷
বাক স্বাধীনতাও নাই নে তোমাৰ!
আজি সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ যুগ৷
মানৱেই ৰচনা কৰা সকলো ষড়যন্ত্ৰৰ নীৰৱ দৰ্শক তুমি৷
বাক্ স্বাধীনতাহীন মানৱ যেন তুমি৷
ক’বলৈ ভয়, মাত মতাৰ সাহস থাকিও থমকি ৰোৱা,
জীৱন যুঁজত সকলো পাহৰি স্বাৰ্থপৰ হোৱা৷
এদিন অস্বিত্বহীন হৈ পৰিবা তুমি,
যদি এনেদৰে নিজ স্বাৰ্থকেই ধিয়াই গৈ থাকা৷
হে বাক্ স্বাধীনতাহীন মানৱ,
লাচিতৰ দেশত জন্ম লৈও তুমি কি কাপুৰুষ!
অচিৰেই এক প্ৰলয় আহিব,
সকলো চাৰষাৰ হ’ব৷
বাক্ স্বাধীনতাহীন মানৱ উঠা, জাগা৷
হুংকাৰ তোলা,
সকলোৰে অস্তিত্ব আজি বিপন্ন৷
এতিয়াও সময় উকলি যোৱা নাই,ভয় কৰা পাপলৈ৷
বাক্ স্বাধীনতা নাথাকিলে পাবা জানো পৰিত্ৰাণ!
মনত ৰাখিবা,সত্য কেতিয়াও লুকাই নাথাকে৷
আহা-স্বাৰ্থ ত্যাগ কৰি
দানৱৰ ৰূপ এৰি সকলো
মানৱতাৰ পথেৰে আগুৱাও৷
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment