আশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

আশা

 



আশা

প্ৰিয়দৰ্শিনী কাশ্যপ


ৰাতিৰ এন্ধাৰবোৰ বাঢ়িব ধৰিছে ক্ৰমশঃ

দুৱাৰখন জপাই দিছো

খিৰিকীখননো কিয় খোলা ৰাখো ! 


এন্ধাৰে গিলিছে মোক

মই গিলি আছোঁ বিষালি স্মৃতি

ছিগাৰেটৰ ধূঁৱাত কুণ্ডলী পকাই উৰি গৈছে জলছবিবোৰ

উৰি গৈছে দিনবোৰ ৰাতিবোৰ।

উজুতি খাইছো   উঠিছো গৈছো 

আকৌ একেই কাৰ্‌বাৰ


সময়ে ভেঙুছালি কৰাত

গতা মাৰি দিয়া পাহাৰটোলৈ চাই ভাবো

কেনেকৈ সম্ভৱ ইমান মৌনতা 


উৰিব পৰাকৈ মোৰ পাখি নাই 

মনটোও সৱল নহয় চৰাইৰ দৰে 

আকাশখন গোমা

মূখ গুজি কান্দিব পৰাকৈ আছে কেৱল 

নিৰব এন্ধাৰ একোঠা


কিবা এটা বুকুত লৈ পাৰ কৰিছো দিন-ৰাতি

নাজানো কি 

ভ্ৰম নে আশা

ধ্বংসস্তুপৰ পৰা এদিন মূৰ তুলি চাম আকাশলৈ !!


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages