উদ্ভিদ
বিশ্বজিৎ গগৈ
গোগামুখ
(বিশ্ব পৰিৱেশ দিৱস উপলক্ষে)
কাৰ মৃত্যুত কিমান নাকান্দো আমি?
যাৰ মৃত্যুৰ বিনে সেই কান্দোনো অসাৰ;
তাৰ মৃত্যুৰ হকে জানো কান্দিছো এবাৰ?
কাৰ মৃত্যুত জ্বলা নাই সি,
কাৰ জনম দিনত মৰা নাই সি,
কাৰ জীৱনৰ সুখ-দুখৰ প্ৰতিটো দিনত
মৃত্যু বৰণ কৰা নাই সি?
পুতৌ কৰা বুলি ভবা নাই সি
সি তাৰ জনম দিনতো।
প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই বুকুত
অহৰহ হাঁহি মুখে সদায়ে বাঢ়ে নাতি দুৰৈত মৃত্যু আছে জানিও;
জীৱন নাটৰ সিও এজন সিদ্ধশিষ্ট সফল ভাৱৰীয়া।
কাৰণ,
ওপজিয়ে মৰিবও জানে সি কাৰোবাৰ খাদ্যৰ হকে
অথবা ওপজা দিনত ,বিবাহত উৎসৱ-পাৰ্ৱণত সি দিব পাৰে তাৰেই জীৱন উপহাৰ!
মৃত্যুৰ পৰতো তোমাক জনাব পাৰে নিজৰ মৃত্যুৰেই বিদায়।
তাৰ মৃত্যুত কিমান কান্দিছো আমি, কিমানজনে?
অথচ,তাৰ ওপজা দিনতে হত্যা কৰিছে বহুজনে তাক,
নিৰ্বিচাৰে উচন কৰিছে তাৰেই বংশ!
জীৱ শ্ৰেষ্ঠ আমি মানৱ প্ৰজাতি!
কিমান নিচিঞৰো আমি কিমান? কিমান?
উন্নয়নৰ জয়গান আৰু সভ্যতাৰ মুধাফটা শ্লোগানে
আৰু কিমান ঢাকচালি মাৰিম মানুহ মহীয়ান!
বিলাসী জীৱন বিচাৰি ,সুখৰ কলেৱৰ বঢ়াবৰ নিমিত্তে
মাটিৰ মানুহ আমি পাহৰি সৰ্বস্ব ,মিছা প্ৰগতিৰ পৰিধি সজাই,
ৰুগ্ন দেহৰ বিষাদ যন্ত্ৰণা অথবা বিলাসী বাহনৰ দুৰ্ঘটনাৰ মৰণ কাতৰ চিৎকাৰ;
অহৰহ মহামাৰী আতংক আৰু আক্ৰান্তত জীৱন জেউতি নুমাই নীৰৱে শুই পৰা হুমুনিয়াহবোৰ!
নহয় জানো আমাৰেই আৱিষ্কাৰ???
গছ বাৰু ৰুৱে নে আপুনি ?
যদি কোৰৰ চাব এটা আলাসতে মাৰি,
নিজৰ স্থানতে ঠিকে থকা নিৰীহ পুলিটো আনি,
উদং নিৰস ধুলিয়ৰী বাটত;
ফটো তুলি এৰি দিছে ফেচবুক হোৱাটচাপ অথবা প্ৰচাৰৰ নামত জহন্নামে গ'ল।
এয়া কি বৃক্ষ ৰোপণ হ'ল?
জানিবৰ হ'ল ,আমি বুজিবৰ সময় আহিল।
কাটিলে লাগিব ৰুব ৰুলে তাক বচাব লাগিব।
গছটো স্বতন্ত্ৰ ; আমিহে ধৰুৱা তাৰ উশাহ মাগি জীয়াই আছো।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment