অব্যক্ত বেদনা
কল্পনা হাতীবৰুৱা
গোলাঘাট
বাহি বিয়াৰ দিনটো ব্যস্ততাৰ মাজতে পাৰ কৰি বিচনাত উঠাৰ আগতে ডাঙৰ বৌয়েকে বিয়াৰ ।আগদিনা শিকোৱা কথাবোৰ পাপৰিৰ মনলৈ বাৰে বাৰে আহিল।
পুৱঁতি নিশা পুৰুষতকৈ আগেয়ে উঠি স্বামীৰ ভৰি চুই মূৰৰ চুলিয়ে ভৰিত স্পৰ্শ কৰি সোঁ ভৰিখন প্ৰথম মাটিত দি ঘৰ-দুৱাৰ সাৰিহে বাজলৈ ওলাব লাগে। তাৰ পাছত বাহী চোতাল সাৰিব লাগে। বাহী চোতালত পুৰুষে ভৰি দিলে আয়ুস কমে। বৌয়েকে কোৱো কথাবোৰকে ভাৱি ভাৱি বিচনা চাদৰখনকে লিৰিকি বিদাৰি আছে পাপৰি।
পাপৰি তোমাৰ টোপনি ধৰা নাই…। সুধিলে তাইক। ধৰিছে, তেন্তে আহা বিচনালৈ। আপুনি শোৱকচোন প্ৰথমে। নহয় পাপৰি, আমি দুয়ো আজিৰপৰা একেলগে বিছনালৈ আহিম। আজিৰ পৰা আমি দুয়ো এক হ'লো যেতিয়া দুয়ো দুয়োকে বুজিব লাগিব। পাপৰি আগবাঢ়ি গ'ল। পাপৰিয়ে অ' পাহৰিছোঁ বুলি মৌ বটলটো আনি ৰক্তিমক মৌ দুচামোচ খাবলৈ দিলে, দুই এটা কথা পাতি পাপৰি টোপনিত ঢলি পৰিল। সমস্ত ভাগৰে যেন তাইক হেচাঁ মাৰি ধৰিলে। ৰক্তিমেও টোপনি ভাও জুৰি শুই পৰিল।
পাপৰি আজি ৰক্তিমৰৰ পত্নী বুলি সকলোৱে জানিলে। কিন্তু কৃষ্ণাই বাৰু কেনেকৈ সহ্য কৰিছে। পাপৰি আৰু ৰক্তিমৰ বিয়াৰ কথা তাই গম পাই। তাইকটো সি হিয়া উজাৰি ভাল পাইছিল। তাইও কিমান সপোন দেখিছিল । কিন্তু একে সম্প্ৰদায়ৰ নোহোৱাৰ বাবে ঘৰৰ মা-দেউতাৰ বিপৰীতে গৈ তাইক সি নিজৰ কৰি লব নোৱাৰিল। কাৰণ ৰক্তিম মা-দেউতাৰ একমাত্ৰ ল'ৰা। কিন্তু সি জানে আজি সি কিমান সুখী । হৃদয় দিয়া মানুহলৈ মনত পৰে যদি সেই হৃদয় বিচ্ছেদ হয়। বিপদৰ সময়টো মনত পৰে, সুখৰ সময়টো মনত পৰে। ই যেন অন্তৰৰ শুকাই নোজোৱা এদোখৰ কেচাঁ ঘা। মাজে মাজে যা শুকাই ক্ষত ঠাইত কোমল ছাল ধৰিলেও বিষ উঠে। সেই বিষ ভূক্তভোগীৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে আৰু নুবুজে।
হৃদয় আঁতৰি যোৱা দুজনেহে দূৰে দূৰে অব্যক্ত ৰূপত বুজে।
ৰক্তিম আজি অব্যক্ত বেদনাত ছটফটাই আছে বিচনাত। টোপনি যাবলৈ চেষ্টা কৰিও টোপনি যাব পৰা নাই। কৃষ্ণাৰস্মৃতিয়ে তাক আজি শুবলৈ দিয়া নাই।
ফোনঃ 7002815451
Doksiri দকচিৰি, জুন, ২০২৩
No comments:
Post a Comment