সতিনী
স্বপ্নশিখা চুতীয়া
গোগামুখ, ধেমাজি
হীৰাই আজি এবছৰৰ মূৰত ঘৰলৈ উভতি আহিব। এক দুৰাৰোগ্য ৰোগৰ আৰম্ভণি হ'বলৈ ধৰিছিল তাইৰ। এবছৰৰ পাছত সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহি পদূলি মুখত ভৰি থলে। একমাত্ৰ পুত্ৰ নেহালৰ লগত দীঘল ওৰণীৰে হীৰাৰ ভনীয়েক ৰীমাই এখন থালত ধূপ আৰু চাকী লৈ তাইক আদৰিবলৈ আহিল।
ভনীয়েক ৰীমাক বোৱাৰী সাজত দেখি আনন্দত আত্মহাৰা হৈ হীৰাই সাৱতি ধৰি সুধিলে- " তই বোৱাৰী সাজ পিন্ধি কপালত সেন্দুৰৰ ফোঁট ললি অথচ মোক খবৰ এটাও নিদিলি। জোৱাইক সোনকালে মাত আকৌ।
তাইৰ স্বামী বিবেকে আগবাঢ়ি আহি ক'লে হীৰা এওঁ মোৰ দ্বিতীয় পত্নী তথা তোমাৰ সতিনী। হীৰা শিলপৰা কপৌৰ দৰে ঠাইতে বহি পৰিল।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment