এদিন মানুহবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

এদিন মানুহবোৰ

 


এদিন মানুহবোৰ….

                           ইলামণি শইকীয়া


এদিন মানুহবোৰ বিচ্ছিন্ন হৈ পৰিব

মানুহৰ পৰা

সকলো অতীত বিবৰ্ণতা, সাময়িক অস্হিৰতা 

মাৰ যাব বিয়লিৰ নীৰৱ মোহনাত৷

ক’ৰবাত লৰিবনে ছাঁ এটি!

কাৰোবাৰ বুকুৰ শূন্যতাত ৰৈ ৰৈ কান্দিবনে কেতেকী!


আহা, বিচ্ছিন্ন হৈ পৰাৰ আগেয়ে আমি নিজৰ সৈতে এবাৰ মুখামুখি হওঁ

সীমাৰ জেওৰা ওফৰাই

সোধো বঙহক কিমান হেজাৰ বছৰ আমি

 ইজনে সিজনক দেখা নাই৷


পোহৰ কমি গৈছে শেষ হৈ যোৱা নাই


হাত মেলিলে এতিয়াও অপাৰ সেউজীয়া

জীৱন উদ্‌যাপনৰ জাক জাক অজুহাত


সূৰ্যাস্তৰলৈ হেজাৰ যোজন দূৰ

ব’লা হেৰাই যোৱাৰ আগত কিছু জীয়াই লওঁ...

বিচ্ছিন্ন হৈ পৰাৰ আগত ইজনে সিজনৰ আত্মাত কিছু জিৰণি লওঁ…


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages