চিনাকিৰ অচিনাকি ছবি
ৰিপুঞ্জয় বৰুৱা ঋমন
দহি যোৱা কথাবোৰ ভাৰসাম্যহীন !
দ হৈ
দ লৈ
দ কৈ
শিপাই, হেৰায় ।
ভাব হয়,
বেলিৰ জোলোঙাত কিবা এটা লাগি ধৰিছে ।
অজগৰে হৰিণা মেৰিয়াই লোৱাদি
চেপি ধৰিছে শুৱনি সপোন ।
কেওফালে খৰাং
পিয়াহে কন্ঠত ঝুমুৰ নাচিছে
দোভাগ নিশা উশাহৰ উধানত ভুঁইকঁপ
আকস্মিক কেঁকাই উঠোঁ ৰাতি ৰাতি
প্ৰাৰ্থনাত নিষেধাজ্ঞা,
অথচ...
ইমান কবিতা !
ৰৈ গ'ল টোপনি
বৈ গ'ল চকুপানী
চাই আছোঁ চিনাকিৰ অচিনাকি ছবি !
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment