ৰঙা বেলি
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
সুতীব্ৰ যন্ত্ৰনাত
টুকুৰা- টুকুৰ হোৱা
কলিজাটো জোৰাবলৈ
আহিলাহেতেন যদি
সৰুদৈচিলাৰ সতে,
বাউলী বতাহ জাকিৰ বুকুৰে!
ছাঁটো দীঘল হোৱা
নৈ হৈ বৈ অহা আবেলিৰ
ৰঙা বেলিটোৰ দৰে।
তুমি অহাৰ উমান পালে
ফাগুন উজাই আহে;
বতৰৰ বৰ-তগৰ বাৰ মাহ ফুলে।
আহিলাহেতেন যদি
ছাঁটো দীঘল হোৱা
নৈ হৈ বৈ অহা আবেলিৰ
ৰঙা বেলিটোৰ দৰে।।
ফোনঃ ৯৫৩১১২১৩১৮
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment