পৰিহাস
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
অনুপে কলেজৰ পৰা উধাতু খাই আহি উশাহকণ নোলোৱাকৈয়ে মাকক ক'লে, অ' মা, কথা এটা হ'ল নহয় ! তাই হেনো আকৌ বলিয়া হ'ল মা। অ' আই ! পখিলা খেদি ফুৰা ছোৱালীজনীলৈ বেয়াই লাগে পাই। তাই ভাললৈ আহিছিল হে মাথোঁ। এতিয়া আকৌ আগৰ দৰে অৱস্থা হ'ল। হে ভগৱান , তাইক পুতৌ কৰা ! তাইৰ জীৱনটো শান্তিময় কৰি তোলা। মাকৰ কথাখিনি শুনি সেমেকা চকুহালেৰে অনুপে নিজৰ কোঠাত সোমালেগৈ।
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment