মনত ৰৈ যায় এটি দুটি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

মনত ৰৈ যায় এটি দুটি

 


মনত ৰৈ যায় এটি দুটি


ভূমিকা দাস 

গুৱাহাটী


    তাইলৈ এতিয়াও খুব মনত পৰে। আজি তিনিবছৰ হ'ল তাইৰ সৈতে এৰাএৰি হোৱাৰ। আহিবৰ সময়ত এটা সুন্দৰ মোহনীয় সৰু পেকেট মোৰ হাতত তুলি দি তাই কৈছিল " ইয়ে আপকে লিয়ে চোটা চা গিফট হে আনটি।"

হঠাৎ হতভম্ব হৈ পেকেট টো খুলি চাই দেখিছিলোঁ

এটা ধুনীয়া মৰমলগা আঙুঠি। মই হেঁপাহেৰে ল'লো আৰু তাইক হৃদয়ৰ পৰা হিয়াভৰাই মৰম দিলোঁ। তাইক ক'লো.." কামকৰি পোৱা পইচাৰে আকৌ আঙুঠি কিয় কিনি আনিছ মোলৈ। 

তাই কৈছিল ..".দিনটৌ নিকল যায়েগি..

     ইয়ে আংগুঠি যবতক আপকো হাঠ মে ৰহেগী

   মেৰে য়াদ তৌ আয়েগী না..."

 চকু সেমেকি উঠিছিল ক্ষণিকৰ বাবে।হদয়ৰে নিগৰি আহিছিল ....

তোৰ সোনকালেই সকলো ভাল হওঁক।

ৰ'দত পুৰি বৰষুণত তিতিবুৰি মানুহৰ ঘৰে ঘৰে কাম কৰি ফুৰাৰ পৰা তই যেন নিস্তাৰ পাৱ। মানে মোৰ মতা মানুহজন সোনকালে এজন কৰ্মদ্যোমী মানুহ হওঁক ।

তোক অলপমান হ'লেও সুখত ৰাখক।....

ছমাহৰ তাইক তিনিমাহ মান লগ পাইছিলোঁ। নাজানো কি দেখিছিল তাই মোৰ মাজত । গুজৰাটী ,হিন্দী , মিহলাই কোৱা কথাবোৰ মনত পৰে‌ আজিওঁ।

 অলপ ক'লা বৰণৰ ক্ষীণকায় গুজৰাটি ছোৱালীজনী মোৰ ল'ৰাৰ ঘৰত বনকৰা (part timer) বিবাহিতা গাভৰু আছিল নেহা......!!!

 তাইৰো কিবা এটা বিশেষত্ব নিশ্চয় আছিল ....!!


Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages