অনুভৱ তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

অনুভৱ তুমি

 অনুভৱ তুমি

প্ৰবীণ কুমাৰ টায়ে

লালুক লক্ষীমপুৰ

       


তুমি ঘূৰি চাওঁতে,

মই পৰিলোঁ।

তুমি গমেই নাপালা...

তুমি মোৰ চকুলৈ চোৱা বাবে,

মই তোমাৰ প্ৰেমত পৰিলোঁ।

খন্তেকতে

হৰিণী নয়নী তোমাৰ চকুযুৰি,

ফুটুকি পখিলা তুমি।

সদায় পৰিবাহি আহি,

মোৰ পদূলিত।

কোমল গোলাপৰ পাহিত...

সৌন্দৰ্য্যতা দেখুৱাই,

মোলৈ মিচিকিয়াই...

নাচি বাগি উৰা মাৰিবি

দূৰ দূৰণীলৈ।

লেৰেলি পৰি ৰব,

ৰ'দৰ তাপত..

ফুলৰ কলি।

তোমাৰ হাঁহিত,

মই আজিও পাগল।

হৃদয়ত বহু কথা ৰৈ গ'ল কবলৈ,

তোমাক এবাৰ কাষত পোৱা।

এনেকৈ আৰু নাচাবি আনলৈ

তোমাৰ সুখত সুখী হম

তোমাৰ দুখত দুখী হম

তোমাৰ লগতে 

সপোন চাব খুজিছোঁ

মই তোমাৰ প্ৰেমত পৰিছোঁ

আকৌ আহিবা 

লঠঙা ডালত সেউজীয়া

সাজ পিন্ধাবাহি ।।।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages