বৈধ-অবৈধ শব্দ
ড° কৃ্ষ্ণ কুমাৰ বনিয়া
পাঞ্জাবাৰী, গুৱাহাটি
বহু দিনৰ পিছত পালোঁ
ক্ষন্তেক অৱসৰ
বহু মই দিন শান্তি পোৱা নাই
বুকুখনে মিছাকৈয়ে কিয় কান্দিছিল নাজানো
চকুত তোমাৰ হেঁপাহ দেখিলোঁ
সেইবাবেইনেকি
ৰুদ্ধ কবিতাই জীৱন মথাউৰি ভাঙিছে
বহু দিনৰ
জমা হৈ থকা
বহু বৈধ-অবৈধ উশাহ নিশাহৰ
জড়-অজড় অভাৱ-অভিযোগৰ শব্দবোৰ
সিহঁতৰ ম্যাদ উকলা নাই
তোমাৰ বুকুত কাণ থলেই শব্দৰ বুৰবুৰণি
যেন সকলো গোপন কথা কৈ দিব
ডম্বৰু বজাই মাতাল হৈ মই নাচিম
যেতিয়া ৰাতিটো কেৱল শব্দ আৰু গীতেৰে পূৱা হ’ব
আৰু তৰাবোৰত তোমাৰ চকুৰ মণি কঁপি উঠিব
অন্তৰ পৰিপূৰ্ণ হব অভিমানৰে মোৰ
যেতিয়া বাঁহীয়ে মাতে
ওফোন্দা মুখত হাঁহি বিৰিঙিব
দুবৰিৰ বুকুত নিয়ৰ টোপাল সৰি
বিলাব নানা ৰঙৰ হাঁহি!!

No comments:
Post a Comment