আপোনাৰো এটা বাট আছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

আপোনাৰো এটা বাট আছে

 

আপোনাৰো এটা বাট আছে

জিতুপন শইকীয়া


আপুনি আমাৰ মুখলৈ চাব নোখোজে

আপোনাৰ মানুহৰ মুখবোৰ আমাৰ দৰে নহয়

নে আমাৰ মুখবোৰ আপোনাৰ মানুহৰ দৰে !

আপুনি অলপ হিংসা কৰে আমাক

আমি আপোনাক হিংসা নকৰাকৈ চলি থকাৰ বাবে

আমি হিমালয়ৰ শিখৰ চুলেও 

আপোনাৰ শিহৰণ নাজাগে

তাৰ ঠাইত অশান্তি এটাই বাহ সাজে নেকি দিনে ৰাতি

তেজে তেজে ক'ৰবাত মিল আছে

আপুনি হয়তো জানে,বা নাজানে

আপুনি যি দৰে ভাৱে আমিও ভাৱো

অথচ আপুনি আমাৰ ভাৱনাক একাষৰীয়া কৰে

আপুনি দেখা সপোনতো এদিন 

ককাদেউতাই সমানে দি গৈছিল সকলোকে

আপুনি দেখা সপোনটো পাহৰিব দিয়া নাই আইয়ে

একেই সপোন আপুনি আপোনাৰ ঠাইত দেখে

আমি আমাৰ ঠাইত দেখোঁ

আপুনি চাগৈ ভাবিছে সপোনটো কেৱল আপোনাৰ!!

আইয়ে যোৱাৰ পৰত কৈছিল-

মানুহ এনেকৈয়ে আহে আৰু যায়

সপোন একেই থাকে 

সকলোৰে

আপুনি হয়তো পাহৰিছে

আপোনাৰো এটা বাট আছে!!


Doksiri দকচিৰি, জুলাই, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages