কিমান উদ্মাদ হ’লে তোমাৰ বুকুৰ চোতালত
প্ৰেমৰ বৰষুণত তিতি উমলিবলৈ পাম?
জেমছ দলে
চিলাপথাৰ
কিমান উদ্মাদ হ’লে তোমাৰ বুকুৰ চোতালত
প্ৰেমৰ বৰষুণত তিতি
উজাৰি উজাৰি উমলিবলৈ পাম
এপাহি সুপ্ত আলিংগনেৰে……
তুমি জানানে?
এধানি সেউজীয়া হৃদয়ৰ গুণগুণনিত
তোমাৰ এসাগৰ দুগালত
আৱেগৰ প্ৰাচীৰ বগাই
ভালপোৱাৰ হিমালয়ত
গলি গলি শেষ হওঁ হওঁ অৱস্থা মোৰ!
কংক্ৰিটৰ সমাজত অসংখ্য নীতিৰ দেৱাল!
দীপ্তিহীন সংস্কৃতিৰ আন্ধাৰ কোঠা!
য’ত মই হেৰাই যাওঁ যাওঁ অৱস্থা
শৰীৰবিহীন জীৱন ছায়াত!
প্ৰতাৰণাৰ সংবিধানত আৱদ্ধ
মোৰ উশাহ - নিশাহৰ অনুচ্ছেদ!
মোৰ হুমনিয়াহৰ ধাৰা!
যেন মোৰ জীয়াই থকাৰ আইন-কানুন শেষ!
আৰু তুমি জানানে?
অভিমানী যন্ত্ৰণাৰ বানত ডুবি
সন্দানহীন মোৰ শিৰা-উপশিৰাৰ
সুখৰ অজস্ৰ নিলাজ কোষ৷
অথচঃ সন্ধিয়াৰ গৰখীয়াৰ
ঐনিঃতমৰ দীঘলীয়া সুৰত সাৰে আছে
মোৰ মাৰ যাব খোজা
পৌড় হ’ব খোজা নিঃকিন স্পন্দন!
সেইবাবেই তোমাক সুধিছোঁ
কিমান উদ্মাদ হ’লে তোমাৰ বুকুৰ চোতালত
প্ৰেমৰ বৰষুণত তিতি উমলিবলৈ পাম?

No comments:
Post a Comment