য়েহুদা আমিখাই তুমি যদি মোৰ..
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
( এক)
য়েহুদা আমিখাই
তুমি যদি মোৰ
মামেহ আৰু তাতেহক
লগ পোৱা
তেনেহ'লে ক'বা
কুশলে আছোঁ মই
কুশলে আছে মোৰ দুচকুৰ পানী
আৰু
তেওঁলোকে যদি তোমাক সোধে
মোৰ হাঁহিৰ কথা
ক'বা
হাঁহিবোৰ এতিয়া পকিছে
বসন্তলৈ আৰু বেছি দিন নাই...
(দুই)
য়েহুদা আমিখাই
তুমি যদি মোৰ
মামেহ আৰু তাতেহক
লগ পোৱা
তেনেহ'লে মোক জনাবা
তেওঁলোকৰ
কুশল বাৰ্তা
আৰু শুনাবা
যুদ্ধবিৰতিৰ পাছৰ
তেওঁলোকৰ
মঙ্গল গাথা.....!!!
মামেহ= মা ।
তাতেহ= দেউতা।
(সাহিত্যৰ ন'বেল পুৰস্কাৰৰ বাবে বহুবাৰ নাম প্ৰস্তাৱিত হোৱা লেখক য়েহুদা আমিখাই ইজৰাইলৰ অন্যতম শ্ৰেষ্ঠ কবি ।হিব্ৰু ভাষাৰ পৰা বিশ্বৰ প্ৰায় চল্লিশটামান ভাষালৈ অনূদিত হোৱা আমিখাইৰ সৃষ্টিয়ে জয়গান গায় মানৱতাৰ । বিশ্বযুদ্ধৰ বিভীষিকা সৈনিকৰ ৰূপত প্ৰত্যক্ষ কৰা আমিখাইৰ কবিতা তথা জীৱনে আজিও মোহিত কৰি আহিছে বিশ্বজনতাক।)
ফোনঃ 8822943064
No comments:
Post a Comment