আইৰ চাদৰখন
জিতেন নৰহ
অপসৃয়মান অস্তৰাগৰ দৰে
ক্ৰমশঃ খহি আহিছে
আইৰ বুকুৰ কিংখাপৰ চাদৰ।
পৰকীয় ৰঙা কীটবোৰে অহৰ্নিশে
কুটি ক্ষতবিক্ষত কৰিছে চাদৰখন।
চাদৰখনৰ আঁচলত লাগি আছে
ওপজা সোণৰ মাটিৰ আমোলমোল গোন্ধ,
এটা সোৰোপা জাতিৰ থোকা-থুকি মাত,
আৰু সহজতে নিলাম হ'ব খোজা
জাতিটোৰ স্বাভিমান।
চাদৰখনৰ মমতাত লালিত
কুলাংগাৰ সন্তানবোৰৰ মইমতালিত
সোণালী ৰংবোৰ ক্ৰমাৎ মটীয়া বৰণ লৈছে।
বৰঘৰৰ ছাঁ দিব নোৱৰাৰ বাবে
দীঘ-বাণি সোলোক্-ঢোলোক্ হৈ ফিচিকি গৈছে।
দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰাৰ দৰে
ৰাজ দৰবাৰত চাদৰখনক বাৰে বাৰে
টনা-আজোৰা কৰা হৈছে।
ইমানবোৰ টনা-আজোৰাৰ পাছতো
জনক নন্দিনী সীতাৰ দৰে অগ্নি পৰীক্ষা দি
চাদৰখনে খাটি মুগাৰ বুলি
নিজকে প্ৰমাণ দিবলগীয়া হৈছে।
অতিকে আপোন
সবাতোকৈ শুৱনি
আইৰ কিংখাপৰ চাদৰখন
খহি আহিছে ক্ৰমশঃ

No comments:
Post a Comment