বাৰিষাৰ জীৱন্ত দলিল
ববী দত্ত
এতিয়া তোমালোকৰ তৰুলতা দিন
আমাৰ কুধঞ্চ ৰাতি
চকমকীয়া চন্দ্ৰৰশ্মিত জিলিকিল তোমালোকৰ
ফেঁহু ৰঙী দেহ
এতিয়া,
ভৰ বাৰিষাৰ নপানীত হাতত জোৰলৈ
ৰূপোৱালী মাছ ধৰাৰ দিন...!
মাছৰ পেটত বংশ বৃদ্ধিৰ অযুত অংশ
দিন হোৱা হলে মাছবোৰ জিলিকি থাকিল হেতেন
নৈ,বিল,খাল অথবা বৰ্ষাৰ পথাৰত
ফিছাৰ নাচত লৰিল হেতেন পথাৰৰ
বেপেৰুৱা আলি
প্ৰশ্নবোধক বৰশী লৈ বহিল হেতেন নামধাৰী মাছুৱৈ
বহিল হেতেন লৰালিৰ তৰালী
দিন হোৱা হলে ৰৌদ্ৰস্নাতা সময়ত জিলিকিল হেতেন
ঘৰ্মাক্ত পিঠি আৰু মাখনৰঙী মঙহ
অলপ লুণীয়া লেলাৱতী আৰু কম্পিত কণ্ঠস্বৰ
পৰিগ্ৰহণ
জৰথীয়া পিঠিৰ কৃষ্ণ বৰ্ণ ৰূপ ।
এতিয়া ৰাতি !
আমাৰ চৰাঘৰৰ বেৰৰ জলঙাই চপৰা চপৰে খহে আকাশ
চঞ্চনীয়া ডাৱৰ, ফৰিং চিটিকা দিয়ে চন্দ্রিকাৰ আভা।
পলকতে কলা মেঘে ছানি ধৰে সমস্ত পথাৰ
কীৰ্ণ সপোনৰ জীৰ্ণ শব্দ
ন পানীৰ গাভৰু উশাহ
তহঁতৰ আকাশে বতাহে বিলীন হৈ যায়
সুখৰ একাজলি বাসন্তী ৰদ ।
আমাৰ কিৰিষণাৰ কাষেৰে বৈ যায় তৰ্ণাস্থি নদী
বতাহে উৰুৱাই নিয়ে ৰঘুমলাৰ বীজ।
No comments:
Post a Comment