নৈ ঘাটৰ নিজান
দেৱৰাজ মিলি
উৰালৰ ছান্দিক ধ্বনিত সাৰ পাই উঠা এখনি গাঁও। সাধুকথাৰ দৰে সৰৱ আৰু সৰল। শাৰী শাৰী চাং। ৰখীয়া হৈ ৰৈ আছিল নৈ ঘাটৰ নিজান।
নিজান মানে কেৱল নিজান নাছিল। নাছিল নিমাত।
নিজানৰ আছিল সুখ-দুখ, হাঁহি-চকুপানী, ভালপোৱা-বিষাদ আৰু ৰ'দ-বৰষুণৰ কথকতা। নিজান মানেই আছিল নিজানতে গাঁথি থোৱা সৰল প্ৰাণৰ নিফুট বেথা।
একান্তই নিজৰ বুলিব পৰাকৈ নৈ ঘাটৰ নিজানৰ আছিল সোণোৱালী এখনি নাও। পাকৈত এজন ঘাটুৱৈ। শুকুলা মেঘ আৰু কঁহুৱাৰ নৈমিষাৰণ্য - বালিচাপৰি। ম'হৰ ডিঙিৰ ঘণ্টাৰ ৰিণিকি ৰিণিকি ধ্বনি। গো-বাটৰ লুংলুঙীয়া গধূলি। স্বপ্নাৱিষ্ট গাভৰুৰ লচপচীয়া হাঁহি আৰু সন্ধিয়াৰ এজাক নীড়মুখী শৰালি।
একান্তই নিজৰ বুলিব পৰাকৈ
কঁটীয়া কপৌৰ দুপৰৰ ৰুণ, কুলি কেতেকীৰ বসন্ত-বিলাস, ঢেঁকীৰ গুম্-গুমণি, তাঁতৰ খিট্-খিটনি, দুম্দুমৰ গুমৰাগ গুমৰাগ ধ্বনি, কাৰ্পুম্পুলি ৰাতি, আপং অই-নিঃতমৰ ৰাগি, মৃম্বৃৰ-য়াঃমেৰ সলাজ-বেঁকা চাৱনি আৰু অবুজ এজাক শিশুৰ নৈসৰ্গিক মুখ।
কি আছিল কি নাছিল
নৈ ঘাটৰ নিজান!
ঐচেঙৰ আলফুলীয়া হাঁহি, ইচ্কুলৰ বাহিৰা বহী, ভাতৰ আধাখোৱা কাঁহী আৰু দোভাগ ৰাতিৰ সুৰীয়া বাঁহী।
ক'ত আছিল ক'ত নাছিল
নৈ ঘাটৰ নিজান!
ককাৰ ক’লা পৰা কলিজাত,
পিতাইৰ হুমুনিয়াহৰ দলি-চপৰাত,
আইৰ সন্ধিয়া চাকিত।
এজাৰ নিজাৰ পৰিছিল।
আৰু
এদিন
আমাৰ কাপোৰ-কানি ক'লা হৈছিল।
নিজান ঐ
নেপাওঁ যদি তোমাকে এই জীৱনত...
প্ৰতিজন মৰি-জীয়া মানুহৰেই আছে
একোটি নৈ নিজান ঘাট
সপোনে-সচিতে।
No comments:
Post a Comment