এজন ঘোঁৰাৰখীয়া ঈশ্বৰ
প্ৰাঞ্জল শৰ্মা
ঘোঁৰা ৰখীয়াজন ঈশ্বৰ হোৱাৰ দিনা
আস্তাৱলৰ গৰাকীজন হৈ পৰিছিল এটা কীট
যি ঘাঁহবোৰৰ মাজত কিলবিলাই আছিল
সেইদিনা আটাইতকৈ বৃদ্ধ ঘোঁৰাটোক গুলিয়াই মৰাৰ কথা আছিল
আলোচনাৰ বিষয় আছিল- ইয়াৰ পিছত কাৰ পাল!
নিঃসংকোচে ঘোঁৰাবোৰে মানি লৈছিল
নতুন ঈশ্বৰৰ অস্তিত্ব
আৰু আন কীটবোৰৰ শোভাযাত্ৰাত
বিঘ্নিত হৈছিল নতুন কীটৰ কৰ্তৃত্ত্ব
ঘোঁৰা ৰখীয়াজন ঈশ্বৰ হোৱাৰ দিনা
বৰষুণ পৰি আছিল মুষলধাৰে
ঘোঁৰাবোৰৰ লোহাৰ খূৰাত বোকা সোমাইছিল
খূৰাবোৰ পিটিবলৈ ৰৈ আছিল কমাৰজন
আস্তাৱলৰ গৰাকীজন নাছিল
আটাইতকৈ বৃদ্ধ ঘোঁৰাটো সেইদিনা শুই থকা নাছিল
এডাল চোঁৱৰতাৰ চকুত ভাঁহি আছিল
আৰু আছিল
এখন ৰভাঘৰ
কেইবাযুৰি সজল চকু
এজনী কইনা
এজন কোঁৱৰ
কোঁৱৰজন কমাৰ
ঘোঁৰাবোৰৰ দানাৰ বাল্টিটোত এটা কীট আছিল
কিল্বিলাই -- উকমুকাই
সেইদিনা ঘোঁৰাবোৰে ভাবিছিল
আজি আস্তাৱলৰ বেৰখন নাই
ঈশ্বৰ ঈশ্বৰ এক ভাৱনাৰে
আটাইবোৰ ভাৰাক্ৰান্ত আছিল
আৰু ভাবিছিল
ঘোঁৰাৰ কথাবোৰ কবিতা নোহোৱাই ভাল আছিল
No comments:
Post a Comment