ভিখাৰী
ঋষভ নাথ
সি এনেকৈ আগবঢ়াই দিলে
যেন সেই উকা হাতখন মোৰেই
মই মুদ্ৰা এটা তাত দিব বিচৰাত
কোঁচাই আন এজনৰ ফালে টোঁৱালে
তাৰ আনখন হাতৰ সঁফুৰাত নোটৰ নুৰা
ভিখাৰীয়ে বাছিব নোৱৰা কথাটো মিছা
কিন্তু সঁচা কাক কি বুলি কওঁ এতিয়া
দান-বাকচত এটকা দুটকাকৈ থৈ
দুখীয়া হোৱা ল'ৰা মই
ৰচিদ হাতত লৈ প্ৰথমতে চাওঁ
পকেটখনৰ ওঠৰ শতাংশ কিমান
এদিন বাতৰিত দেখিলোঁ
মৰি থকা এটা ভিখাৰীৰ শৰীৰ
পদপথত এৰি উৰি যোৱা এজাক টকা
মই বিচৰা বস্তু বাছি বাছি কিনিব পৰাকৈ
হাত দুখন দেখোন সোণৰ আছিল তাৰ
কাৰ দোষ যদি লাজ-মান কাতি কৰি
মই হাতখন আগবঢ়াই দিব পৰা নাই
ঢুকি পোৱা নাই যজমানী গছৰ ঠানি
যিয়ে ফল দিয়ে পাপ-পুণ্য নামানি
আৰু গাফিলতি কাৰ যদি মই
বগাব পৰা নাই কামাখ্যাৰ খটখটি
কৰা নাই দানী মানুহৰ মমতাৰে হতাহতি
দামী হাতে তেতিয়াও দান-দক্ষিণা দিছিল
বিনিময় পাওতাই উচ্চস্বৰে বখানিছিল
সীমা চেৰাই গৈছিল দাতাৰ
ক্ষমতা আৰু খ্যাতি
প্ৰজাৰ হাতত যেতিয়া নাছিল
ৰজা বাছনিৰ চাবিকাঠী
তেতিয়া ভিখাৰীয়ে হাত পাতি ফুৰিছিল
গৃহস্থৰ দুৱাৰ মুখত ৰৈ মাতিছিল ঈশ্বৰক
আৰু নৈবেদ্য দিবলৈ বাধ্য হৈছিল ভক্ত
আগৰ দিন নাই এতিয়া বাছনি অধিকাৰ
তথাপি ভিখাৰীয়ে হাত আগবঢ়াই দিয়ে
এনেকৈ আগবঢ়াই দিয়ে যেন সেইখন
তাৰ নহয় আমাৰ
আৰু আমাৰ হাত ধৰি আহে চৰকাৰ
No comments:
Post a Comment