বেৰ
স্বপ্নালী কলিতা
"প্ৰতিটো কামৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।"
মানুহজনে কথাখিনি কৈ দীঘলকৈ উশাহটো টানিলে।
ৰেডিঅ'ত সেইসময়ত কৃষিসম্পৰ্কীয় কথিকা এটা দি আছিল
বাৰীত বন চাফা কৰি থকা মংলুৱে গামোচাৰ দৰে কাপোটুকুৰাই মচিছিল মুখ।
ঘৰবোৰ বেৰবোৰ সৰলৰৈখিক সাজত নাসাজিলেও
থকাটো পৰম্পৰাৰ ভিতৰৰ।
বেৰৰপৰা বেৰ,
বেৰৰপৰা বেৰ বগাই
দেশ সমাজ সময় গলি যোৱাটো
সহজ কথা ।
বেৰত পিঠি খজুৱাই আৰাম পোৱা
সোণৰ বাপেক বেৰৰ কাণ বাগৰি
ধানখেৰৰ জুমুঠি হ'ল
গেৰধৰা ধানৰ মাজত আৰু এটা
সোণৰ বাপেক মাটি হ'ল
আৰু এটা
আৰু এটা...
(সোণহঁত পমি লোণ হ'ল)
বেৰৰ কাণত গহৰা গজা পৰজীৱীৰ
অবাধ বিচৰণৰ কথা সদৰি কৰিব পৰাকে'
কোনো বিশেষ কিটিপ নাই
তথাপিও
বেৰত ঠেকা খাই ঘূৰি অহা ভঙা কামিবোৰআৰুইটাৰ গুড়িবোৰ
সামৰি থ'ব পাৰি।
মানুহজনে সেই সময়তো
এখন বেৰৰ কামি চাঁচি আছিল।
তেখেতৰ বিশ্বাসত প্ৰতিক্ৰিয়া শব্দটো বিশেষ আছিল।
যদিও
ছাৰ আইজাক নিউটনক
তেওঁ নাজানিছিল।
No comments:
Post a Comment