বাৰিষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

বাৰিষা

 

বাৰিষা

        লক্ষী প্ৰসাদ ৰেগন

                      মাজুলী


আহুধানৰ ৰঙা চাউল আছিল

কলি ঔটেঙাৰে সৈতে

উভতিৰ ৰঙা শিঙৰা। কিনকিনীয়া বৰষুণ

চোতালত ন পানী


আবেলি হাঁহ কেইটা বিচাৰি

টুলুং ভুটুং নাৱৰে যাত্ৰা খাল ডোং বিল পিটনি

একো বাকী নাই

সকলোতে ন পানী

আজিও বৰষুণ নেৰা নেপেৰা। আকাশ গোমা


দুপৰ নিশা গৰু জাকৰ চিঞৰ

গোহালীত পানী

গড়ালতো পেক্ পেক্ হাঁহ কেইটাৰ। জোন লুকাও লুকাও


বাৰিষা আমাৰ চিনাকি ছবি

তাতে যে উজাই আহে এটা জীয়া ফাকি

হালধিবাৰীৰ

জৰাজীৰ্ণ মথাউৰি

জীয়া ফাকি এটা যে স্মৃতি হৈ ৰ'ল আবেলি

হালধিবাৰীৰ মথাউৰিটো...


এতিয়া আৰু এখন যুদ্ধৰ মুখামুখি হ'লো

চাৰিওফালে শত্ৰুৰ কুচকাৱাজ গঞাৰ নিদ্ৰা হৰণ

এটা দিন উকলাৰ পাছতে

হাঁহি বিৰিঙালে মগুৱা ৰেডিঅ'টোৱে

লুইতত হেনো পানী কমিছে


ফোনঃ ৮৪৮৬৭৭৩২০২


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages