চাবি
অংকুৰিতা ফুকন
দেৰগাঁও (গোলাঘাট)
এটা নতুন তলা…
বিশ্বাস আৰু প্ৰেমৰ চাবিৰে সহজে খুলিব পৰা
তলাটোৰ দুটা চাবি
এটা পুৰুষে জেপত ৰাখে
আনটো নাৰীয়ে থয় চাদৰৰ আগত গাঁঠি
এদিন পুৰুষৰ চাবিটো হেৰাল
নাৰীয়ে ক'লে -অসুবিধা নাই
একেটা চাবিৰেই আমি কাম চলাম…
এদিনৰ হঠাৎ নাৰীৰ চাবিৰেও তলা নোখোলা হ'ল
পুৰুষৰ চকুৰ আগেৰে ভাৱনাৰ
এখন ৰেলগাড়ী পাৰ হৈ গ'ল
প্ৰেম আৰু বিশ্বাসৰ চাবিত মামৰে নতুন ঘৰ তুলিলে
এইবাৰ পুৰুষৰ দৃষ্টিত নাৰীয়ে
নিজক ক'তো বিচাৰি নাপালে
সিদ্ধান্ত হ'ল আকৌ দুটি
নতুন চাবি অনা হ'ব
এইবাৰ অহংকাৰ আৰু সন্দেহেৰে
বন্ধ তলাটো খোলা হ'ব
পাৰ হওক সময়বোৰ
আমাৰ শিশু মানুহ নোহোৱালৈকে
দুখন পৃথিৱীৰ সৃষ্টি হওক একেখন ঘৰৰ ভিতৰতে
কিন্তু কথাবোৰ জানো তাতে শেষ হব
সুখৰ তলা জানো বিদ্বেষৰ চাবিৰে খোলা যাব…
কিন্তু যদি ভৱা হয়…
নাৰীৰ শৰীৰত এজন পুৰুষে
আৰু পুৰুষত এজনী নাৰীয়ে উশাহ লয়
তেন্তে সুখ নামৰ তলাটো
খুলিবলৈ কোনো চাবিৰেই প্ৰয়োজন নহয়…
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment