ভ্ৰমৰ ৰং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

ভ্ৰমৰ ৰং



 ভ্ৰমৰ ৰং

বিশ্বজিত শইকীয়া

 কাৰ্বি আংলং


বোকা মাটিৰ গান গোৱা এখন হাত

লাহে লাহে ডুবি গৈছে বতাহত,

মৰা গছৰ ডালত উলমি আছে

এপাহ প্লাষ্টিকৰ কপৌ,

এখন শুকান নদীত সাঁতুৰি থকা

এজাক দেওহাঁহ


এইয়া কেইখন মান ছবিৰ ব্যাখ্যা

ছবিবোৰত সানি দিয়া হৈছে

ভ্রমৰ ৰং।


পৃথিৱী যদি এখন ছবি হয়

মানুহবোৰ ছায়াময়া ৰঙৰ ভ্ৰম

আপোন পৰৰ

মৰম সপোনৰ।


ভ্ৰমৰ ৰাগিত নিতৌ সৰি পৰে বেলি

চকু মেলি চাইছোঁ আন্ধাৰ,

দেখিছোঁ কি?


Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages