নৈ পৰীয়া অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

নৈ পৰীয়া অনুভৱ


 নৈ পৰীয়া অনুভৱ

কৃষ্ণ কান্ত মৰাং


নৈ পৰীয়া আবেগ এটাই

 জুৰি আছে হৃদয়

মৌচুমীৰ জোৱাৰত  ভাঁহে

 সুখ দুখৰ ছবি

খেপিয়াই উমান লওঁ

 দীঘ পুতল বাণি


জাঁজৰিৰ বুকুত পাৰ হৈ

 অনেক শাওণ ভাদ 

দৃষ্টিত ওলমে

বানে ধোৱা ছবিৰ

ৰং হীন পট

অথবা 

প্ৰাচুৰ্যৰ এমুঠি ৰং

এনেকৈয়ে,

সাবতো সোণালী আঘোণ 

সৰিয়হৰ  হালধীয়া সুবাস


কেতিয়াবা জ্বলে হিয়াত 

বিষাদৰ একুৰা জুই

কেতিয়াবা প্ৰাচুৰ্যৰ

এমোকুৰা সুখ


 নদীৰ সীমনাত খেপিয়াই 

উমান লওঁ

নতুনত পু্ৰণি গোন্ধ

নোপোৱাৰ তিক্ততা

ঠেলি আঁতৰাও 

 সানি বিনন্দীয়া বোল

ক্ৰমশ ভটিয়াই 

পালতৰা নাও

দুয়োপাৰে ৰিঙিয়াই

ৰৈ যা ৰৈ যা -------


ওভটনি সোঁতৰ 

ঘূৰণি পাকত 

 ধূসৰ হৈ ওপঙে

জীৱন আবেলিৰ ছাঁ


বুকুত বাজে নৈ পৰীয়া সুৰ----

ইয়াং চিকিয়াং

লুইত -অবনৰীৰ

সেউজ সাৰুৱা গান !!


Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages