সেন্দূৰীয়া পথৰ সন্ধানত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

সেন্দূৰীয়া পথৰ সন্ধানত


 

সেন্দূৰীয়া পথৰ সন্ধানত


দীপ্তি ঠাকুৰ গোস্বামী

দাদৰা আৰু নগৰ হাভেলি, দমন


    নীলা আৰু ৰীমা দুয়ো নলেগলে লগা বান্ধৱী। দুয়োজনীৰ ঘৰ ওচৰা উচৰি, সেয়েহে দুয়ো খেলা-ধুলা, স্কুল যোৱা সকলো সময়তে লগ পায়। শ্ৰেণী কোঠাত সিহঁত দুয়োজনীকে শিক্ষক-শিক্ষয়িত্রীসকলেও বৰ মৰম কৰে। নীলাই ক্লাচত সদায়েই প্রথম স্থান পাবলৈ সক্ষম হয়। ৰীমা নীলাৰ সমান মেধাৱী নহয় যদিও তাই নিয়মানুবর্তিতা শৃংখলাৱদ্ধতাৰ জ্ঞান আহৰণ কৰি তাইৰ সুন্দৰ জীৱন সোণালী দিশে আগবঢ়াই লৈ গৈছিল। তাইৰ শ্ৰুতিমধুৰ মাতষাৰে সকলোকে আনন্দিত কৰিছিল। বয়োজ্যেষ্ঠজনক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাৰ যি আদর্শ পিতৃ-মাতৃয়ে দেখুৱাই দিছে তাৰপৰা অকণো আঁতৰি থকা নাছিল। সময় পাখি লগা কাড়ৰ দৰে। দিনবোৰ বাগৰিল। দুয়ো যৌৱনৰ দুৱাৰদলিত ভৰি দিলে। লাহে লাহে নীলাৰ স্বভাৱৰ পৰিবৰ্তন আহিল। নীলাই বান্ধৱীৰ লগতো সম্বন্ধ চিন্ন কৰি অকলশৰীয়াকৈ থাকিবলৈ ভাল পায়। লাহে লাহে তাইৰ মনটো সলনি হ'ল। শ্ৰেণীকোঠাত প্রথম হোৱা বাবেই গৌৰৱো অনুভৱ কৰি অহংকাৰী হৈ পৰিল। লগৰ সমনীয়াকো ভাল ব্যৱহাৰ নকৰা হ'ল। তাই অভদ্র আচৰণ কৰাৰ কাৰণে লগৰ সমনীয়াসকলেও দূৰত্ব ৰাখিহে তাইৰ লগত বাৰ্তালাপ কৰে। ৰীমা যদিও শ্ৰেণী কোঠাত প্রথম হোৱা নাছিল তথাপিও তাই পঢ়াত একাগ্রতা থকাৰ বাবেই ভালদৰে পাঠ্যপুথিবোৰ খৰচি মাৰি পঢ়াৰ উপৰিও গল্প, কবিতা, সাধুকথাৰ কিতাপবোৰ অধ্যয়ন কৰি যথেষ্ট জ্ঞান অৰ্জন কৰিছিল। কিন্তু নীলাই পঢ়াৰ বাহিৰে অন্য দিশত পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল।


ৰীমাই সৰুতেই সাহিত্য জগতত প্ৰৱেশ কৰি তত্ত্ব গধুৰ প্রবন্ধ, গল্প, কবিতা লিখি নিজৰ নাম উজলাই তুলিছিল। দুয়ো দ্বাদশ শ্ৰেণীত ভালদৰে উত্তীৰ্ণ হোৱাৰ পিচত


ডিব্ৰুগড় মেডিকেল কলেজ (অসম মেডিকেল কলেজ) ত নামভৰ্তি কৰি নিৰ্দিষ্ট সময় পাৰ হোৱাৰ লগে লগেই দুয়ো ডাক্তৰ হৈ ওলাই আহিল। কিন্তু নীলাৰ স্বভাৱৰ পৰিৱৰ্তন নহ'ল। দিনে দিনে তাইৰ খিংখিঙীয়া স্বভাৱ বাঢ়ি গ'ল। বিশেষকৈ এজন ডাক্তৰ সদায়েই মৰমিয়াল হ'ব লাগে। তেখেতক দেখাৰ লগে লগেই আধা ৰোগে বিদায় মাগিব লাগে।


দুয়ো দুখন ওচৰা উচৰিকৈ চেম্বাৰ প্ৰতিষ্ঠা কৰিলে। নীলাৰ ওচৰলৈ কিন্তু ৰোগী সহজে নাহে। বহুত বিপদত পৰিলেহে তাইৰ ওচৰত চিকিৎসা কৰিবলৈ আহে। নিঃসংগতাই তাইক আৱৰি ধৰিলে।


এদিন নীলাই গাড়ী লৈ ৰীমাৰ চেম্বাৰৰ সন্মুখেদি যোৱাত শাৰী শাৰীকৈ ৰোগীবোৰ ৰৈ থকাত কিছু সময় গাড়ীখন ৰখাই ওচৰৰ দোকানখনত খবৰ লোৱাত গম পালে যে ৰীমাৰৰ সুন্দৰ ব্যৱহাৰে ৰোগীসকলক মুগ্ধ কৰে; সেয়েহে তেখেতৰ ওচৰত যথেষ্ট ৰোগীয়ে চিকিৎসা কৰে। সেয়ে প্রাপ্তিৰ আনন্দৰে তাই জীৱন অতিবাহিত কৰিছিল।


নীলাৰ আৰু বুজিবলৈ বাকী নাথাকিল। তাইৰ ব্যৱহাৰে তাইৰ জীৱনটো প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে অনিষ্ট হৈছে। তাই খন্তেক সময় থমকি ৰ'ল আৰু মনতে স্থিৰ কৰিলে— তাইৰ এই বেয়া ব্যৱহাৰ সলনি কৰি মধুৰ ব্যৱহাৰেৰে মানুহৰ মন জয় কৰিব। আৰু মনতে ভাবিলে— ভাল ব্যৱহাৰ এক মহান গুণ। ভাল ব্যৱহাৰ জানিলেহে মানুহক গুণৱান কৰি তোলে।

ফোনঃ 8356079442

Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages