দুৰ্ভিক্ষ জীৱন
চিন্ময় ডেকা
জলাহ টংলা, ওদালগুৰি
সৃষ্টিৰ পাতনিৰে পৰাই
চলি আছে জীৱন সংগ্ৰাম
পেটৰ তাড়নাত
ঘূৰিছে ফুৰিছে ইফাল-সিফাল
ক'ত ফলমূল
ক'ত বনৰীয়া জীৱ-জন্তু
ধৰি মাৰি খাবলৈ পাই!
আজিৰ মানুহ ক'ত কি কৰি আছে
কেৱল দুৰ্ভিক্ষৰ কাৰণতেই
যান্ত্রিকতাৰ যুগত
কি গাওঁত
কি চহৰত
কি নগৰত?
ক'ত জনে দিন হাজিৰা কৰি আছে
ঠেলা-ৰিক্সা চলাইছে
পেলনীয়া বস্তু ডাষ্টবিনত বিচাৰিছে
দেখিলে চকুলো ওলাই আহে!
অন্য জনে আকৌ,
দুৰ্ভিক্ষৰ বাবেই নিজ জন্মস্থান এৰি
বিদেশলৈ গৈছে,
ক'ত যুৱক-যুৱতীয়ে
অন্ধকাৰ গলিত ঘূৰিছে ফুৰিছে।
কেৱল দুৰ্ভিক্ষৰ কাৰণেই
গৰাখহনীয়া, খৰাং, বানপানী, ধুমুহাৰ
প্ৰৱল প্ৰবাহত সৰ্বহাৰা হৈ দুদিনীয়া জীৱন হৈ পৰিছে ধন্য।

No comments:
Post a Comment