দুৰ্ভিক্ষ জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

দুৰ্ভিক্ষ জীৱন

 

দুৰ্ভিক্ষ জীৱন

চিন্ময় ডেকা

জলাহ টংলা, ওদালগুৰি

             

সৃষ্টিৰ পাতনিৰে পৰাই

চলি আছে জীৱন সংগ্ৰাম

পেটৰ তাড়নাত 

ঘূৰিছে ফুৰিছে ইফাল-সিফাল

ক'ত ফলমূল

ক'ত বনৰীয়া জীৱ-জন্তু 

ধৰি মাৰি খাবলৈ পাই!


আজিৰ মানুহ ক'ত কি কৰি আছে

কেৱল দুৰ্ভিক্ষৰ কাৰণতেই

যান্ত্রিকতাৰ যুগত 

কি গাওঁত

কি চহৰত

কি নগৰত?

ক'ত জনে দিন হাজিৰা কৰি আছে

ঠেলা-ৰিক্সা চলাইছে

পেলনীয়া বস্তু ডাষ্টবিনত বিচাৰিছে

দেখিলে চকুলো ওলাই আহে! 


অন্য জনে আকৌ,

দুৰ্ভিক্ষৰ বাবেই নিজ জন্মস্থান এৰি 

বিদেশলৈ গৈছে,

ক'ত যুৱক-যুৱতীয়ে

অন্ধকাৰ গলিত ঘূৰিছে ফুৰিছে।

কেৱল দুৰ্ভিক্ষৰ কাৰণেই

গৰাখহনীয়া, খৰাং, বানপানী, ধুমুহাৰ

প্ৰৱল প্ৰবাহত সৰ্বহাৰা হৈ দুদিনীয়া জীৱন হৈ পৰিছে ধন্য।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages