ইয়াত এখন গাঁও আছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

ইয়াত এখন গাঁও আছিল

 

ইয়াত এখন গাঁও আছিল

জনাৰ্দন পাটৰ মচৰং


ইয়াত এখন গাঁও আছিল

ভৱিষ্যত প্ৰজন্মই ক'ব

ইয়াত এখন অৰণ্য আছিল

ভৱিষ্যত প্ৰজন্মই ক'ব। 


লগতে ক'ব কিদৰে জিয়াই আছিল সংস্কৃতি

ৰীতি-নীতি আৰু স্বভিমান। 

কিদৰে চাংদলৈ, চাংমাজিৰ মন্ত্ৰ উচ্চাৰণত প্ৰাণ পাইছিল চৌপাশ। 


তেতিয়া সকলো অতিত হ'ব। 

কাৰো হাতত সময় নাথাকিব

ভাৱিবলৈ অথবা মনোযোগ দিবলৈ। 


কাৰণ তেতিয়াটো সকলো সলনি হ'ব

সলনি হ'ব ভাষা- সংস্কৃতি

আৰু মানুহৰ মন

মাথো ৰৈ যাব সাধু কথা হৈ। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages