ইয়াত এখন গাওঁ আছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

ইয়াত এখন গাওঁ আছিল

 ইয়াত এখন গাওঁ আছিল

গীতা পগাগ দলে


ইয়াত এখন গাওঁ আছিল

য'ত নাছিল কৃত্রিমতা,

য'ত আছিল মাথো 

সচাঁ মৰম ভাল পোৱা,

ইজনক দেখি সিজনে 

   অণুপ্রাণিত হোৱা।

কৰা নাছিল কাকো হিংসা।

একত্রিত হৈ জ্বলিছিল 

      মেজিৰ জুই.....

পুৱাৰ বেলি উঠাৰ পৰলৈকে

কোনেও থকা নাছিল শুই।

কুকুৰা ডাঁকতে উৰালৰ গুমগুমনি,

বিদায় ল'বলৈ বাধ্য হৈছিল ৰজনী।

মন গ'লেই ল'বলৈ পাইছিল

কাৱৈ মাছৰ সৈতে নলটেঙাৰ জুতি,

কঠোৰ পৰিশ্রমৰ মাজতো

একেলগে মুখত দিছিল ভাত মুঠি,

মন গলেই পথাৰত গৈ লৈছিল শান্তি 

প্রকৃতিৰ সৈতে কথা পাতি ।

ইয়াত এখন গাওঁহে আছিল

নাছিল কোনো ভেদভাৱ

মনবোৰ আছিল বিশাল আকাশৰ দৰে,

‌সুৰুযৰ দৰে পোহৰ বিলাইছিল

ৰাতি ৰাতি মুকলি আকাশত বহি

ককা-আইতাৰ কোৱাৰ 

জোনবাই দেশৰ কাহিনীবোৰে....

নাই সেই গাওঁখন আজি

সকলোবোৰ মাথো গল্প, উপন্যাসৰ 

একো একোটা 

  মনে সজাঁ কাহিনী হৈ ৰ'ল,

স্মৃতি হৈ ৰ'ল আজি প্রতিটো প'ল।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages