ৰৌদ্ৰকামনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

ৰৌদ্ৰকামনা

 

ৰৌদ্ৰকামনা

আশা বৰা মন



মৰিশালিৰ নিঃশব্দতা নেওচি

নামি আহিব সূৰ্য্যটো

যি বাটেৰে তোমাৰ আগমন

শান্তি আৰু সুখৰ উৎসৱ


মই উশৃৃংখলতা বেয়া পাওঁ

কিয়নো মোৰ প্ৰিয় নীৰৱতাৰ দোকমোকালিৰ নৰকত জুই ছাই


নদীৰ বুকুত নাচি ফুৰা পানীৰ শীতলতাত

গ’লে গিৰিপথ


বৰষুণৰ টোপাল আৰু জোনৰ

প্ৰতিবিম্বত চিৰাচিৰ আকাশ


শীতৰ ৰাতিৰ নিৰ্জনতাত

নিয়ৰৰ টোপাল হৈ সৰে

প্ৰভাতি আকাশত ক্ৰমাৎ সজীৱ হৈ

অহা তোমাৰ সম্ভাৱনাবোৰ


কেৱল তুমি অহাৰ বাটত উদ্ভাসিত হয়

বেলি আৰু ৰ’দৰ উৎসৱ ৷


Doksiri দকচিৰি, জুলাই, ২০২৩





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages